উত্তৰ–পূবলৈ আহিল প্রথমখন বিশেষ শ্রমিক এক্সপ্রেছ
নিয়মীয়া বাৰ্তা, ১৫ মে’ : কেন্দ্রীয় চৰকাৰে শ্রমিকসকলক নিজ গৃহলৈ উভতি যোৱাৰ সুবিধাৰ বাবে আৰম্ভ কৰা বিশেষ শ্রমিক এক্সপ্রেছ ৰে’ল বৃহস্পতিবাৰে প্রথমবাৰৰ বাবে উত্তৰ–পূবত উপস্থিত হয় ৷ অসম হৈ মিজোৰামলৈ যাব লগা এই ৰে’লখন নিশা অসমত প্রৱেশ কৰে ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূৰ্বে এই কথা উল্লেখ কৰা অনুসৰি – স্বাস্থ্য বিভাগ, প্রশাসন আৰু আৰক্ষী বিভাগৰ বাবে এয়া এক প্রত্যাহ্বানস্বৰূপ হ’ব ৷ কিয়নো বিশেষ শ্রমিক এক্সপ্রেছযোগে অসমলৈ আহিব ৬২৫জন যাত্রী ৷ এই যাত্রীসকলক প্রাৰম্ভিক স্বাস্থ্য পৰীক্ষাৰ অন্তত নিজ নিজ জিলাত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব লাগিব ৷ জিলাৰ উপায়ুক্তৰ বাবে এই সময় হ’ব যথেষ্ট কঠিন ৷
উল্লেখ্য যে বুধবাৰে দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্রুগড়ত উপস্থিত হোৱা বাতানুকূল ৰে’লগাড়ীখনে কঢ়িয়াই আনিছে ৫০১জন যাত্রী ৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি ইয়াৰে কোকৰাঝাৰত ২৯জন, গুৱাহাটীত ১৩০জন, লামডিঙত ৪৪জন, মৰিয়নিত ৩৭জন আৰু ডিব্রুগড়ত ২৬১জন লোকে নামিছে৷ ইফালে আজি গুৱাহাটীত প্রৱেশ কৰিব দ্বিতীয়খন বাতানুকূল ৰে’লগাড়ী ৷ এই ৰে’লগাড়ীত আহিব মুঠ ১৪৪জন লোক ৷ ইয়াৰে বঙাইগাঁৱত ৩জন, ডিব্রুগড়ত ৬১জন, গুৱাহাটীত ৫৫জন, কোকৰাঝাৰত ১২জন, লামডিঙত ৫জন, মৰিয়নিত ৪জন আৰু তিনিচুকীয়াত ৪জন লোক নামিব ৷ ৭৫জন লোক ক’ত নামিব, সেই সম্পর্কে কোনো তথ্য লাভ কৰা নাই অসম চৰকাৰে ৷