নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনৰ নিউকাছল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত বক্তৃতা প্ৰদান জাহ্নৱী বৰুৱাৰ

বিশেষ বাৰ্তা, ২১ জুলাই : চুবুৰীয়া ৰাজ্য মনিপুৰত নাৰীৰ অধিকাৰ খৰ্ব কৰা ঘটনাই সমগ্ৰ বিশ্বতে ভাৰত বৰ্ষৰ সন্মান লাঘৱ হোৱাৰ সময়তে সাত সাগৰ তেৰ নদীৰ সিপাৰে সুদুৰ লণ্ডনত এগৰাকী অসমীয়া ছাত্ৰীয়ে দেখুওৱা নিজৰ প্ৰতিভা আৰু প্ৰজ্ঞাই ভাৰতীয় নাৰীক উচ্চ শিখৰত আৰোহণ কৰোৱাবলৈ সক্ষম হয়। শিক্ষাৰ্থী গৰাকী আন কোনো নহয়, তেওঁ নগাঁও চহৰৰ পাৱাৰ হাউছ তিনিআলিৰ জাহ্নৱী বৰুৱা। উল্লেখযোগ্য যে এই জাহ্নৱী বৰুৱাই কালি সন্ধিয়া লণ্ডনস্থিত তথা বিশ্বৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নিউকাছ্ল বিশ্ববিদ্যালয়খনৰ কিংছ্ হলত আয়োজিত সমাবৰ্ত্তনত অংশগ্ৰহণ কৰি নিজৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ড্ৰিটিংছন ডিগ্ৰী আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগতে এটি সুন্দৰ বক্তৃতা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাৱলীলভাৱে প্ৰদান কৰে। অসমীয়া পাটৰ মেখেলা- চাদৰ পৰিধান কৰি ভাৰতীয় সংস্কৃতি আৰু সংস্কাৰ প্ৰদৰ্শন কৰা জাহ্নৱী বৰুৱাই নিজৰ চমু বক্তব্যত এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ -মাতৃ, আত্মীয় -স্বজন,শুভাকাংখী আৰু শিক্ষাগুৰুৰ অপৰিসীম প্ৰেৰণাৰ কথা প্ৰকাশ কৰে। ইমান সুন্দৰ কৈ উপস্থাপন কৰা বক্তৃতাই সভাগৃহত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে জাউৰিয়ে- জাউৰিয়ে হাত চাপৰি বজাই জাহ্নৱী বৰুৱাক উৎসাহিত কৰা পৰিলক্ষিত হয়। যিখিনি সময়ত সভাগৃহত মূল আসন অলংকৃত কৰি উপস্থিত আছিল নিউকাছ্ল বিশ্ববিদ্যালয়ৰ ডেপুটি ভাইছচেঞ্চেলৰ অধ্যাপক ড: ব্ৰায়ান ৱাকাৰ। উল্লেখযোগ্য যে-জাহ্নৱী বৰুৱাই নিউকাছ্ল বিশ্ববিদ্যালয়ত লেণ্ডস্কেইপ আৰ্কিটেক্সাৰ বিভাগত স্নাতকোত্তৰ শাখাত অধ্যয়ণ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। স্মৰ্তব্য যে, বিগত বৰ্ষৰ ২৩ জুলাইৰ সন্ধিয়া লণ্ডনৰ নিউকাছ্ল ছেইজ গেইটহে’ড প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত “ৰয়েল নৰ্দান ছিনফ’নিয়া কোৱাইৰ” দলত অল্ট’ শাখাত কণ্ঠশিল্পী হিচাবে অন্তৰ্ভুক্ত হৈ জাহ্নৱী বৰুৱাই ফাৰ্ষ্ট অল্ট’ হিচাপে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। সেই উচ্চ পৰ্যায়ৰ অনুষ্ঠানটো বিশ্বৰ আগশাৰীৰ টেলিভিছন চেনেল ” বিবিচি” য়ে সম্প্ৰচাৰ কৰিছিল। উল্লেখযোগ্য যে- জাহ্নৱী বৰুৱা নগাঁৱৰ বিশিষ্ট সংগীতজ্ঞ, লেখক, অনুবাদক- আলোচক কৃষ্ণদুলাল বৰুৱা আৰু নৱৰূপ জাতীয় বিদ্যাপীঠৰ ৰেক্টৰ সংগীতা বৰুৱাৰ একমাত্ৰ কন্যা। জাহ্নৱী বৰুৱাই বিগত ২০২১ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা হৰ্ডিকালছাৰ শাখাত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ উৰা মাৰিছিল। নিজেও গিটাৰ বজাই আৰু সুন্দৰকৈ গীত পৰিৱেশন কৰে প্ৰতিভাবান জাহ্নৱী বৰুৱাই। জাহ্নৱী বৰুৱাৰ এই সফলতাৰ বাবে গৰ্বিত অসমবাসী।

প্ৰেৰক মানৱ বৰা

You might also like