নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ সম্বর্ধনা লাভ কৰি আৱেগিক অর্জুন ভোগেশ্বৰ বৰুৱা

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ অসমবাসীৰ স্বপ্ণ পূৰণ কৰি ১৯৬৬ৰ বেংকক এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বর্ণ জয়েৰে আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত প্রথমবাৰলৈ অসমৰ বিজয় ধ্বজা উৰুওৱা অর্জুন ভোগেশ্বৰ বৰুৱাই ৰাজনীতিৰ বলি হৈ অলিম্পিকত অংশ লোৱাৰ পৰা বঞ্চিত হৈছিল৷ ৮৫সংখ্যক জন্মদিনত বৰেণ্য ক্রীড়াবিদগৰাকীয়ে শুকুৰবাৰে এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷

দীর্ঘদিন ধৰি অন্তৰত পুঞ্জীভূত হৈ থকা বেদনাৰ বহিঃপ্রকাশ ঘটাই বিশিষ্ট ক্রীড়াবিদগৰাকীয়ে কয়– ১৯৬৬ চনৰ পৰা ৫৫ বছৰে মনৰ মাজত লৈ ফুৰা দুখ–ক্ষোভৰ পৰা আজি মই মুক্তি পাইছোঁ৷ ক্রীড়া কেৰিয়াৰৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰা কিংবদন্তি খেলুৱৈগৰাকীয়ে পুনৰ কয় যে সেই সময়ত ভাৰতীয় এথলেটিক দলত চলি থকা ৰাজনীতিৰ পাকচক্রৰ বলি হৈ তেওঁ ১৯৬৪ৰ টকি’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিব নোৱাৰিলে৷ এথলেটিকছ ফেডাৰেচনৰ বিষয়ববীয়াৰ পছন্দৰ প্রার্থীক বাছনি কৰাৰ স্বার্থত তেওঁক অলিম্পিকৰ ট্রায়েলৰ পৰা আঁতৰাই ৰখা হৈছিল৷ তেওঁক ট্রায়েলত দৌৰাৰ সুবিধা দিলে দেশৰ কিংবদন্তি এথলীট প্রয়াত মিলখা সিঙকে ধৰি চাৰিগৰাকী দৌৰবিদে অলিম্পিকৰ দলত স্থান হেৰুওৱাৰ আশংকাত তেওঁলোকে ভোগেশ্বৰ বৰুৱাক ট্রায়েলৰ পৰা আঁতৰাই ৰাখিছিল বুলি বৰেণ্য ক্রীড়াবিদগৰাকীয়ে উল্লেখ কৰে৷

অৱশ্যে অসম চৰকাৰে জন্মদিনৰ শুভক্ষণত তেওঁলৈ আগবঢ়োৱা সন্মানে সকলো দুখ–ক্ষোভ পাহৰাই পেলাইছে বুলি ভোগেশ্বৰ বৰুৱাই উল্লেখ কৰে৷ ‘আজি মই অত্যন্ত সুখী’ বুলি মন্তব্য কৰি ক্রীড়াবিদগৰাকীয়ে আৱেগিক হৈ চকুপানী টোকাও পৰিলক্ষিত হয়৷ ৰাজ্যৰ ক্রীড়া আন্তঃগাঁথনি বিকশিত হোৱাৰ বহু দশক পূর্বেই এছিয়ান গেমছৰ দৰে আগশাৰীৰ প্রতিযোগিতাত সোণৰ পদক জয় কৰি বিৰল প্রতিভা আৰু দক্ষতাৰ পৰিচয় দিয়া শিৱসাগৰৰ কিংবদন্তি ক্রীড়াবিদগৰাকীয়ে কয় যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ক্রীড়াৰ উন্নয়নৰ বাবে উল্লেখনীয় পদক্ষেপ হাতত লৈছে৷ ৰাজ্য চৰকাৰৰ এই সদিচ্ছাই অসমৰ প্রতিভাৱান খেলুৱৈসকলক আগুৱাই যোৱাত সহায় কৰিব৷ তেওঁৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰা ক্রীড়া পেন্সন প্রদান অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত সুখী বুলিও ক্রীড়াবিদগৰাকীয়ে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱসৰ দিনা প্রতিবছৰে ৰাজ্য চৰকাৰে সফল ক্রীড়াবিদসকলক ক্রীড়া পেন্সন প্রদান কৰিব৷ জীৱন্ত কিংবদন্তি বৰুৱাৰ জন্মদিৱসত ৰাজ্য চৰকাৰে তেওঁলৈ এই বিৰল সন্মান আগবঢ়োৱাটো অসমৰ ক্রীড়া জগতৰ বাবে যুগান্তকাৰী দিশ হিচাপে বিবেচিত হৈছে৷

You might also like