নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : উত্তৰ অসমৰ অন্যতম জাগ্ৰত শক্তিপীঠ প্ৰায় ৩০০ শতিকা পুৰণি ঢকুৱাখনাৰ ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত চলিছে দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি।জাকজমকতাক পৰিহাৰ কৰি সম্পূৰ্ণ আধ্যাত্মিকভাবে মৃন্ময় মূৰ্তি অবিহনে ৰজাদিনীয়া পৰম্পৰাৰে ঐতিহাসিক শ্ৰীশ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত চলি আহিছে দুৰ্গা পূজা। ১৭২২ খ্ৰীষ্টাব্দৰ পৰা শাক্ত পন্থাৰে, বলি বিধানেৰে অব্যাহত থকা দেৱী পূজনৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি চলিত বৰ্ষতো হাঁহ ,ছাগলী , মহ আদিৰ বলিৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা কৰা হব বুলি জনাইছে দেৱালয় পৰিচালনা সমিতিয়ে। ইতিমধ্যে ভক্তিপ্ৰাণ ৰাইজৰ স্তুতি বন্দনাৰে পবিত্ৰ মহালয়াত দেৱীক বগা হাঁহ বলিৰে শৰাই আগবঢ়াই আমন্ত্ৰণ কৰি অনাৰ কথা জানিব দিয়ে ঐতিহাসিক থানখনৰ বৰপূজাৰীয়ে। জনশ্ৰুতি মতে ১৭২২ খ্ৰীষ্টাব্দতে স্বৰ্গদেউ গৌৰীনাথ সিংহই শদিয়াৰ কেঁচাইখাতী গোঁসানীৰ থানৰ তাম্ৰেশ্বৰী মন্দিৰৰ একাংশ আৰু ৫টা বিশেষ সম্প্ৰদায়ৰ পৰিয়াল আনি ঢকুৱাখনাৰ পূব প্ৰান্তৰ হাৰ্হি অঞ্চলত প্ৰতিষ্ঠা কৰিছিল এখন শক্তি পীঠ। এইখন ঐতিহাসিক শক্তি পীঠেই হ’ল শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়। বিগত প্ৰায় ৩ শতিকাজোৰা পৰম্পৰা অব্যাহত ৰাখি ২টা গুণা ম’হ বলি দিব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিয়ে । ইফালে, পূজাৰ দিনকেইটাত ভক্তসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জিৰণি চ’ৰা, বিশুদ্ধ খোৱাপানী, খাদ্য আৰু জৰুৰী চিকিৎসা সেৱাৰো সু-ব্যৱস্থা কৰিছে হাৰ্হি দেৱালয় পৰিচালনা সমিতিয়ে । তদুপৰি নিৰাপত্তাজনিত কাৰণত দেৱালয়ৰ চৌহদত চিচি টিভি কেমেৰাও স্থাপন কৰা হৈছে। এইবাৰ দেৱী পূজনত বৰ আই, মাজু আই, সৰু আইসহ মুঠ ১০গৰাকী দেও উঠিব বুলি আশা প্ৰকাশ কৰি ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ সেৱকীয়ে গোসাঁনীলৈ উৎসৰ্গা কৰা অগণন হাঁহ, ছাগলীৰে ঐতিহাসিক থান চৌহদ ভৰি পৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক পুলকজ্যোতি বৰা