সাংস্কৃতিকভাৱে ভাৰতবর্ষত ঐক্য আছিল যদিও ৰাজনৈতিক একতা নাছিল
শ্রীমন্ত শংকৰদেৱ বিশ্ববিঃত হলধৰ ভূঞা স্মাৰক বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ ‘শ্রীকৃষ্ণ ভাৰত চৈতন্যৰ সৈতে বিজডিত এটা নাম৷ যুগে যুগে শ্রীকৃষ্ণৰ বিষয়ে চর্চিত হৈ আহিছে আৰু আলোচিত হৈছে৷ হৰিবংশ, মদ্ভাগৱত, গীতা, ভাগৱত, মহাভাগৱতৰ বিভিন্ন স্থানত কৃষ্ণক ভক্তৰ হৃদয়ে ভিন ভিন ধৰণে ব্যাখ্যা কৰিছে৷ কাৰণ ভগৱানৰ ৰূপ অনন্ত৷ ভগৱানক আমি কেৱল অনন্ত বুলি কৈছোঁ আৰু সেই অনন্ত সত্তাক আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ৷’ –এই মন্তব্য শ্রীৰাম কৃষ্ণ, বিবেকানন্দ, শ্রীৰবিন্দৰ অনুৰাগী, সাহিত্য অকাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ সোমবাৰে নগাঁৱৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ত আয়োজিত সপ্তম বার্ষিক ‘লোকসেৱক হলধৰ ভূঞা স্মাৰক বত্তৃণতামালা’ত বত্তৃণতা প্রদান কৰি সাহিত্যিক দিগন্ত বিশ্ব শর্মাই গীতাৰ তত্ত্ব সম্বন্ধীয় শ্রীৰবিন্দৰ দৃষ্টিভংগীত শংকৰদেৱৰ চিন্তা দর্শনৰ সৈতে সামঞ্জস্য ৰাখি কয়, ‘অৱতাৰৰ উদ্দেশ্যে হ’ল এটা ধর্ম প্রদান কৰা৷ অর্থাৎ ধর্ম সংস্থাপন কৰা৷ ধর্ম হৈছে নৱ চৈতন্য৷ এক আত্ম সংশোধনৰ সাধনা বা ব্রত বা নিয়ম প্রদান কৰা, যাৰ দ্বাৰা মানুহে দেৱত্ব অর্জনৰ ফালে অগ্রসৰ হ’ব পাৰে৷’
গীতাৰ বিভিন্ন শ্লোকৰ উদ্ধৃতি দি তেওঁ কয়, ‘আমাৰ লক্ষ্য হ’ব লাগিব নৰক প্রথমে নৰোত্তম কৰিব লাগিব আৰু নৰোত্তমক তাৰপিছত নাৰায়ণলৈ উৎকর্ষিত কৰিব লাগিব৷ নৰোত্তমক নাৰায়ণলৈ উৎকর্ষিত হ’বলৈ হাজাৰ হাজাৰ বছৰ লাগিব পাৰে৷ গীতাত শ্রীকৃষ্ণই কৈছে মই সর্বলোকৰ মহেশ্বৰ৷ পৃথিৱীয়েই একমাত্র লোক নহয়, বহু জগত আছে এইব্রহ্মাণ্ডত৷ ময়েই যজ্ঞ আৰু তপস্যাৰ ফল ভোগ কৰোঁ৷’ গীতাত শ্রীকৃষ্ণই কোৱা কথা উল্লেখ কৰি দিগন্ত বিশ্ব শর্মাই কয়, ‘জগত মানে একমাত্র বাসুদেৱ৷ বাসুদেৱৰ বাহিৰে আন কাৰোৰে অস্তিত্ব নাই৷ মানুহ, গছ, লতা, পর্বত, পাহাৰ, নদী, শাস্ত্র–গীতা, কাব্য–সাহিত্য, প্রতিভা, শিল্প, চিন্তা, দর্শন এই সকলোবোৰ বাসুদেৱৰ একো একোটা অভিব্যক্তি৷’ তেওঁ লগতে কয়, ‘শ্রীকৃষ্ণ আহিছিল মানুহক দিব্য জন্ম প্রদান কৰাৰ বাবে৷ মানুহক ভাগৱত সত্তালৈ ৰূপান্তৰিত কৰাৰ বাবে৷ গতিকে ভগৱানৰ কামো দুটা৷ আমাৰ কাম কেৱল বাহ্য জগতত৷ কিন্তু শ্রীকৃষ্ণৰ দিব্য কর্মৰ দুটা স্থান আছে৷ এটা বাহ্য জগতত আৰু আনটো অন্তৰ জগতত৷’ ভাষণ প্রসংগত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ কথা উল্লেখ কৰি কয়, ‘সাংস্কৃতিকভাৱে ভাৰতবর্ষৰ ঐক্য আছিল যদিও ৰাজনৈতিকভাৱে একতা নাছিল৷ কিন্তু শ্রীকৃষ্ণ অহাৰ পিছত ৰাজনৈতিক একতা সম্ভৱ হৈছিল৷’ তেওঁ লগতে মানৱ ঐক্যৰ কথাও উল্লেখ কৰি কয়, ‘যদি স্বাভাৱিক উপায়েৰে মানৱ ঐক্য নহয়, তেন্তে শ্রীকৃষ্ণ আকৌ আহিব৷’ প্রসংগক্রমে গীতাত শ্রীকৃষ্ণৰ উদ্ধৃতি দি দিগন্ত বিশ্ব শর্মাই কয়, ‘কৃষ্ণই কৈছে– মই মানুহৰ হৃদয়ত থাকোঁ৷ সকলো ভূতৰ হৃদয়ত থাকোঁ৷ সেইটোহে মোৰ আচল ঘৰ৷’ শর্মাই কয়, ‘বাহ্য মণিকূটৰ জৰিয়তে অন্তৰস্থ মণিকূটৰ আমি সন্ধান কৰিব লাগিব৷’
তেওঁ আৰু কয়, ‘ভক্তৰ হৃদয়ত আঘাত কৰিলে ভগৱান ক্রোধান্বিত হয়৷ ভগৱান ক্রোধান্বিত হ’লে কালৰূপ ধাৰণ কৰে৷ ভগৱান সকলোৰে গৰাকী৷ অধর্ম যুগে যুগে হৈ আছে৷ অধর্ম এটা নিত্য–নৈমিত্তিক ঘটনা৷ অধর্মই ব্যাপক ৰূপ ধাৰণ কৰিলে ভগৱানে নিজৰ ব্যৱস্থা গ্রহণ কৰে৷’ কৃষ্ণই যুধিষ্ঠিৰক ৰজা পাতিবলৈ অহা নাছিল বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তেওঁ লগতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জীৱন দর্শনৰ বিষয়েও আলোকপাত কৰে৷ তেওঁ লোকসেৱক হলধৰ ভূঞাৰ বিষয়ে উল্লেখ কৰি কয়, ‘হলধৰ ভূঞা এগৰাকী মানৱ দৰদী আৰু সকলো গুণৰ অধিকাৰী এগৰাকী মহান ব্যক্তি আছিল৷’ অধ্যাপিকা কল্যাণী হাজৰিকাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰাই লোকসেৱক হলধৰ ভূঞাৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত সহাকাৰী পঞ্জীয়ক নয়নমণি শইকীয়া, অধ্যাপিকা ত্রিবেণী শইকীয়া, সমাজসেৱক মুকুট ভূঞা, খগেন্দ্র মাহেলাকে ধৰি বিশিষ্ট ব্যক্তি, শিক্ষক–শিক্ষয়িত্রী, শ্রীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে লোকসেৱক হলধৰ ভূঞাৰ পুত্র মুকুট ভূঞাইবন্তি প্রজ্জ্বলন কৰে৷ বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক পঞ্জীয়ক ড০ ৰাতুল চন্দ্র বৰাৰ পুঁজিৰে বিশ্ববিদ্যালয়খনে এই বত্তৃণতামালাৰ আয়োজন কৰি আহিছে৷