নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীৰামপুৰত ট্রাকত জব্দ ৫২৭ কেজি মণিপুৰী গাঞ্জা

ড্রাগ্ছৰ সাম্রাজ্যত আৰক্ষীৰ মাৰাথন অভিযান

নিয়মীয়া বাৰ্তা ৩১ মেঃ ড্রাগ্ছৰ নিষিদ্ধ সাম্রাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ মাৰাথন অভিযান৷ জালত পৰিছে ইজনৰ পাছত সিজন ড্রাগ্ছ মাফিয়া, সৰবৰাহকাৰী৷ জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী৷ আজিৰ দিনটোত ৰাজ্যজোৰা ড্রাগ্ছবিৰোধী অভিযানৰ সময়ত আৰক্ষীয়ে কেইবাটাও উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

দেওবাৰে পুৱাই অসম–বংগ সীমান্তৰ শ্রীৰামপুৰত ৩১নং (গ) ৰাষ্ট্রীয় ঘাইপথত অভিযান চলাই ৫৭২ কেজি মণিপুৰী গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ এখন দহচকীয়া ট্রাকত এই গাঞ্জাখিনি অসমৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লোৱা হৈছিল৷ গোপন সূত্রৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে ৫১টা টোপোলাত থকা গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুজন ব্যক্তিক কৰায়ত্ত কৰে৷ একেদৰে কামৰূপ জিলা আৰক্ষীয়ে ৰঙিয়া আৰু বাইহাটা চাৰিআলিত চলোৱা দুটা পৃথক অভিযানত ১২৮ গ্রাম ব্রাউন ছুগাৰ, ১৩ গ্রাম মৰফিন জব্দ কৰাৰ লগতে ৬জন ব্যক্তিক গ্রেপ্তাৰ কৰে৷

শিৱসাগৰতো দেওবাৰে আৰক্ষীৰ জালত পৰে গাঞ্জাসহ এগৰাকী মহিলা আৰু দুজন ড্রাগ্ছ সৰবৰাহকাৰী৷ এইদৰেই ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষীয়ে অভিযান চলাই উল্লেখনীয় সফলতা লাভ কৰিছে৷ ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি টুইটযোগে সদৰী কৰা মতে শনিবাৰৰ দিনটোত আৰক্ষীয়ে ড্রাগ্ছবিৰোধী অভিযান চলাই ৫৯জন ব্যক্তিক গ্রেপ্তাৰ কৰাৰ লগতে ৩২টা গোচৰ ৰুজু কৰিছে৷ অভিযানৰ সময়ছোৱাত জব্দ হৈছে ৩০৪.২৮ গ্রাম হেৰ’ইন, ৬৩.৭৮ কেজি গাঞ্জা, ৯,৩১৭ বটল কফ ছিৰাফ, ৪১,৭৮৭টা মেথ টেবলেট আৰু ২.৯১ লাখ টকাৰ নগদ ধন৷ মহানগৰীৰ সাতগাঁৱত আৰক্ষীয়ে তিনিজন ড্রাগ্ছ সেৱনকাৰী যুৱকক গ্রেপ্তাৰ কৰে৷
শ্রীৰামপুৰত ৫৭২ কেজি মণিপুৰী ভাং জব্দঃ দুজন আটক
বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে দহচকীয়া ড্রাকত কঢ়িয়াই অনা বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, অসম–বংগ সীমান্তৰ শ্রীৰামপুৰৰ ৩১নং (গ) ৰাষ্ট্রীয় ঘাইপথত দেওবাৰে কাহিলিপুৱা প্রায় ৪.৩০ বজাত আৰক্ষীৰ পহৰাদাৰী দলে সন্দেহবশতঃ এন এল–০১ এন–৪১৪৯ নম্বৰৰ দহচকীয়া খালী ড্রাকখনত তালাচী চলাই গোপন কোঠাত লুকুৱাই অনা নিষিদ্ধ মণিপুৰী ভাং জব্দ কৰে লগতে ড্রাকখনৰ চালক আৰু সহচালক ক্রমে হাইলাকান্দি জিলাৰ মহম্মদপুৰ নিৱাসী মুখলেছউদ্দিন লস্কৰ আৰু জিলাখনৰে ৰংপুৰ গাঁৱৰ বাসিন্দা ৰাহুল আমিন তালুকদাৰক (২১) গ্রেপ্তাৰ কৰে৷ আনহাতে, শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া পল লাহলিমচাঙে জানিবলৈ দিয়া মতে, ড্রাকখনৰ এক গোপন চেম্বাৰত মুঠ ৫১টা টোপলাত ৫৭২.৮ কেজি মণিপুৰী ভাং জব্দ কৰিবলৈ সক্ষম হৈছে৷ আটকাধীন ড্রাকচালকদ্বয়ক শিমুলটাপু আৰক্ষী চকীত সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ঘটনাৰ খবৰ পাই শিমুলটাপু আৰক্ষী চকীত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তা উপস্থিত হৈ ঘটনাৰ লগত জড়িত থকা আন লোকসকলৰ তথ্যসমূহ উদ্ধাৰ কৰাৰ বাবে অভিযান চলাবলৈ আৰক্ষী বিষয়াক নির্দেশ দিয়ে৷
ৰঙিয়াত আটক ড্রাগ্ছ বিক্রী কৰা মাতৃ–পুত্রঃ  উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্রাগ্ছ
ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে ৰঙিয়াতো অব্যাহত আছে আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ যোৱানিশা কৰিয়াৰাত আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি ড্রাগ্ছ ব্যৱসায়ৰ ম’ষ্ট ৱাণ্টেড ৰাজা আৰু গাগা নামৰ দুই ভাতৃৰ ঘৰত অভিযান চলায়৷ অভিযানকাৰী দলটোৱে ঘৰটোৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰ কৰে৷ আৰক্ষী অহাৰ উমান পাই সুযোগ বুজি ৰাজা আৰু গাগাই পলায়ন কৰে যদিও দুয়ো ভাতৃৰ মাতৃ জাহানাৰা বেগম আৰু জ্যেষ্ঠ ভাতৃ মিণ্টু আলীক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে৷ ৰঙিয়া থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰতন দাসে জানিবলৈ দিয়া মতে দুই মূল ড্রাগ্ছ ব্যৱসায়ী ৰাজা আৰু গাগাৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃও এই অবৈধ ব্যৱসায়ৰ সৈতে প্রত্যক্ষভাৱে জডিত হৈ আছে৷ তেওঁলোকে ০.৫ গ্রাম পৰিমাণৰ ড্রাগ্ছৰ এটা কনটেইনাৰ এহাজাৰ টকাত বিক্রী কৰি আহিছিল৷ নিশ্চিত তথ্যৰ ভিত্তিত যোৱানিশা অভিযান চলাই উক্ত ড্রাগ্ছ জব্দ কৰাৰ লগতে দুয়োজনক আটক কৰে৷ পলায়ন কৰা দুই ভাতৃক আটক কৰাৰ বাবে অভিযান চলাই থকা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জনায়৷
শিৱসাগৰত গাঞ্জাসহ মহিলা ব্যৱসায়ী আৰক্ষীৰ জালতঃ দুটাকৈ ড্রাগ্ছ সৰবৰাহকাৰীক কৰায়ত্ত
শিৱসাগৰত দেওবাৰে পুৱা পুনৰ আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ী৷ হিৰুমণি ডেকা নামৰ মহিলাগৰাকীৰ জিম্মাৰ পৰা ৪০০ গ্রাম গাঞ্জা জব্দ কৰাৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে৷ প্রাপ্ত বাতৰি মতে, দীর্ঘদিনৰ পৰা দৰিকাপাৰ অঞ্চলত গাঞ্জাৰ মুকলি ক্রয়–বিক্রয় সন্দর্ভত সদৰ আৰক্ষীয়ে অনুসন্ধান চলাই আহিছিল যদিও বাৰে বাৰে সাৰি গৈছিল গাঞ্জা ব্যৱসায়ী মহিলাগৰাকী৷ কিন্তু আজি দুপৰীয়া নির্ভৰযোগ্য এক তথ্যৰ ভিত্তিত নগৰ উপ–পৰিদর্শক জ্যোতিস্মান নেওগৰ নেতৃত্বত যোৱা এটা দলে দৰিকাপাৰ খাটপথাৰ অঞ্চলত অভিযান চলাই এইসমূহ সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে হিৰুমণি ডেকাৰ জিম্মাৰ পৰা ৪০০ গ্রাম গাঞ্জা, গাঞ্জা সেৱনত ব্যৱহূত চিলিমকে ধৰি বহুকেইপদ আপত্তিজনক সামগ্রী জব্দ কৰিবলৈ সক্ষম৷ আৰক্ষী বিষয়াগৰাকীয়ে নিজাববীয়াকৈ তৰা এটা গোচৰৰ ভিত্তিত অভিযুক্ত হিৰুমণিক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে৷ আজিৰ দিনটোতে গৌৰৱ নগৰ অঞ্চলত সুনীল নামৰ এটা ড্রাগ্ছ সৰবৰাহকাৰীক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে৷ আৰক্ষীৰ জেৰাত সুনীলে ড্রাগ্ছসমূহ মোস্তাক আহমেদ ওৰফে জিম্পী নামৰ বাবুপট্টী বডা ৰোডৰ এটা মাফিয়াই যোগান ধৰি আহিছিল বুলি স্বীকাৰোক্তি দিছিল৷ এই স্বীকাৰোক্তিৰ ভিত্তিত তৎপৰতাৰে অভিযান চলাই কুখ্যাত ড্রাগ্ছ সৰবৰাহকাৰী জিম্পীক জালত পেলাবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জিম্পীক লৈ জিম্পীৰ বাসগৃহত তালাচী চলোৱাত কিছু পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷

You might also like