ডিব্ৰুগড় সৰ্বশিক্ষা কাৰ্যালয়ৰ ৩০ লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰীত পুনৰ এজন গ্ৰেপ্তাৰ
- কাৰ্যালয়ৰ বিত্তীয় গাণনিক বিষয়া গিয়াছ আলিক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৫ মে’: ডিব্ৰুগড় সৰ্বশিক্ষা কাৰ্যালয়ৰ ৩০ লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰীয়ে আজিও কঁপাই আছে সমগ্ৰ। কালি কাৰ্যালয়ৰ গাণনিক বিষয়া ধনটি গগৈ শইকীয়া নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছত এজনৰ পাছত আন এজন বিষয়া-কমচাৰী পৰিছে আৰক্ষীৰ জালত।ইফালে ২৪ ঘন্টা নৌহওতেই বিভাগৰ আন এগৰাকী বিষয়াক কালি মাজ নিশাই গ্ৰেপ্তাৰ কৰা হয়।এইবাৰ কাৰ্যালয়টোৰ বিত্তীয় গাণনিক বিষয়া গিয়াছ আলিক একেটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।কালি কাৰ্যালয়ৰ গাণনিক ধনটি গগৈ শইকীয়াক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা কৰাৰ পাছত ধনটি গগৈ শইকীয়াই জেৰাত আন বিষয়াৰ নাম লৈছিল।তাৰ পাছতে যোৱা নিশা ডিব্ৰুগড় সদৰ থানালৈ মাতি পঠিওৱা হৈছিল সৰ্ব্বশিক্ষা কাৰ্যালয়ৰ বিত্তীয় গাণনিক বিষয়া গিয়াছ আলীক।আৰক্ষীয়ে গিয়াছৰ ভাষ্য গ্ৰহণ কৰি বিভাগৰ আন্ত:গাঠনিৰ পুঁজি আৰু অন্যান্য ভালেমান শিতানত অনিয়মৰ অভিযোগ থকাৰো সম্ভাৱনা প্ৰকাশ কৰে গিয়াছৰ বিৰূদ্ধে।সেয়ে আজি আৰক্ষীয়ে গিয়াছক ৪০৬/৪০৯ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰিছে।
উল্লেখ্য যে ধনটি গগৈ শইকীয়া নামৰ মহিলা কৰ্মচাৰী গৰাকীয়ে ডিব্ৰুগড় জিলা সৰ্ব শিক্ষা কাৰ্যালয়ৰ চৰকাৰী একাউণ্টত থকা প্ৰায় ৩০ লাখ টকা ধন নিজৰ একাউণ্টলৈ কৌশলৰে ট্ৰেঞ্চপাৰ কৰি খৰচ কৰিছিল।জানিব পৰা মতে ধনটি গগৈ নামৰ মহিলা গৰাকী জিলা সৰ্বশিক্ষা কাৰ্যালয়ৰ গাণনিক বিষয়া।বিগত বৰ্ষৰ মে’ মাহৰ পৰা অতি চতুৰালি কৰি নিজৰ ব্যক্তিগত তিনিটা বেংক একাউণ্ট ক্ৰমে ষ্টেট বেংক,ইউক’ বেংক আৰু ইণ্ডিয়ান বেংকত এই বিশাল ধনৰাশি ভৰাই খৰচ কৰি আহিছিল ধনটি গগৈ শইকীয়াই।ইফালে জিলা সৰ্বশিক্ষা বিষয়াই কাৰ্যালয়ৰ একাউণ্ট পৰীক্ষা কৰাৰ পাছতেই পোহৰলৈ আহিছিল এই ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য।
ইফালে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহকাৰী সঞ্চালক দীপিকা চৌধুৰীয়েও বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ পুঁজিৰ অধীনত ডিব্ৰুগড়ৰ সৰ্বশিক্ষা অভিযান কাৰ্যালয়ত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে।উল্লেখ্য যে গিয়াছে নিজকে এগৰাকী ক্ষমতাশালী মন্ত্রীৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি নিজৰ আধিপত্য চলোৱাৰ লগতে, বিভিন্ন বিত্তীয় অনিয়ম সংঘটিত কৰা বুলি একাংশই অভিযোগ কৰি আহিছে। ইফালে একালৰ ছাত্র নেতা হোৱাৰ আলম লৈ বিভিন্ন শিক্ষক, কৰ্মচাৰীয়ে বিভাগৰ কাম কাজ লৈ তেওঁৰ কাষ চাপিলে গুৰুত্ব প্ৰদান নকৰাৰো সততে অভিযোগ শুনা যায়।দীৰ্ঘদিন ধৰি গিয়াছে একেটা পদত ডিব্ৰুগড়ৰ একে স্থানত কেনেকৈ খুপনি পুতি বহি থাকিব পাৰিছে তাক লৈও বিভিন্ন সময়ত প্ৰশ্ন আৰু ৰহস্যৰ অৱতাৰণাৰ স্বৃষ্টি হৈছে।কাৰ আশীর্বাদত কেনেকৈ গিয়াছে বছৰ বছৰ ধৰি ডিব্ৰুগড়ত শিক্ষা বিভাগৰ কাৰ্য্যালয়ত বদলি অবিহনেই চাকৰি কৰি থাকিব পাৰিছে সেয়াও লক্ষণীয়।গিয়াছ,ধনতি গগৈ শইকীয়া আৰু কাৰ কাৰ নেতৃত্বত ৩০ লাখ টকীয়া এই ধনৰ বিয়াগোম কেলেঙ্কাৰি সংঘটিত হৈছিল সেয়াও অচিৰেই পোহৰলৈ অহাৰ বাট মুকলি হৈ পৰিছে।কাৰণ আৰক্ষীৰ ক্ষীপ্ৰতাৰে কৰা তদন্তৰ বাবে অচিৰেই বিভাগৰ আৰু বহু লোক জালত পৰাৰ সম্ভাৱনাই দেখা দিছে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।