নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ এপ্ৰিলঃ চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি বহিষৃকত হোৱা শিক্ষার্থীসকললৈ বিশেষ নির্দেশ প্রদান কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ডৰ প্রথম সংমণ্ডলে৷ এইবাৰ পৰীক্ষাত বহিষৃকত ১০১জন শিক্ষার্থীয়ে ২০২৬ বর্ষত পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷
কিন্তু তেওঁলোকক ব’র্ডে এক বিশেষ চর্ত বান্ধি দিছে৷ সেই অনুসৰি বহিষৃকত প্রার্থীসকলে পুনৰ অসৎ উপায় অৱলম্বন নকৰে বুলি লিখিতভাৱে সংশ্লিষ্ট বিদ্যালয়সমূহৰ মুৰব্বীক প্রতিশ্রুতি প্রদান কৰিলেহে তেওঁলোকক পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ প্রদান কৰা হ’ব৷ ব’র্ডে আজি প্রকাশ কৰা অনুসৰি পঞ্জীয়ন খামখেয়ালি আৰু অন্যান্য কাৰণত মুঠ ১১জন শিক্ষার্থীৰ ফলাফল স্থগিত ৰখা হৈছে৷ ইপিনে, কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্রতো ব’র্ডে কেতবোৰ নির্দেশনা প্রদান কৰিছে৷ সেই অনুসৰি তিনিটা বিষয়ত অনুত্তীর্ণ হোৱা আৰু নূ্যনতম ১৭০ গড় নম্বৰ লাভ কৰা শিক্ষার্থীসকলে কম্পার্টমেণ্টেল পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷
📌 লগতে পঢ়ক নিয়োগ বাৰ্তাৰ সকলো বাতৰি নিয়োগ বাৰ্তা
এই পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া প্রার্থীসকলে সংশ্লিষ্ট বিষয়সমূহত ৩০ শতাংশকৈ নম্বৰ লাভ কৰিব লাগিব৷ অথবা তেওঁলোকে মুঠ ১৮০ নম্বৰ লাভ কৰিব লাগিব৷ তেতিয়াহে তেওঁলোকক উত্তীর্ণ বুলি গণ্য কৰা হ’ব৷ শীঘ্রে অনুষ্ঠিত হ’বলগীয়া কম্পার্টমেণ্টেল পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থীসকলে চলিত শৈক্ষিক বর্ষতে একাদশ শ্রেণীত নামভর্তি কৰিব পাৰিব বুলিও ব’র্ডে উল্লেখ কৰিছে৷ অৱশ্যে কম্পার্টমেণ্টেল পৰীক্ষাত যিসকল পৰীক্ষার্থীয়ে উত্তীর্ণ হ’ব নোৱাৰে, তেওঁলোকে সংশ্লিষ্ট বিদ্যালয়ত পুনৰ নামভর্তি কৰিব লাগিব আৰু নিয়মীয়া প্রার্থী হিচাপে অৱতীর্ণ হ’ব লাগিব৷ ব’র্ডে এক জাননীত উল্লেখ কৰা অনুসৰি কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অনলাইন আবেদন দাখিলৰ বাবে নির্ধাৰিত তাৰিখ ৩ দিনৰ ভিতৰত ঘোষণা কৰা হ’ব৷ পৰীক্ষাৰ বাবে প্রতিটো বিষয়ত ৫০০ টকা প্রদান কৰিব লাগিব৷ ইয়াৰ উপৰি কেন্দ্রৰ মাচুল হিচাপে প্রতিজন প্রার্থীয়ে ১৫০ টকাকৈ প্রদান কৰিব লাগিব৷
৩ এপ্ৰিলত গৃহভূমি জয়পুৰত ৰাজস্থান ৰয়েলছৰ অভিযান, মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক গ’ল্ডেন টিকট উপহাৰ
কেন্দ্রৰ ব্যয়ৰ ধন ব’ডৰ প্রথম সংমণ্ডলে কেন্দ্রটোৰ ভাৰপ্রাপ্ত বিষয়াক পুনৰ ওভতাই দিব৷ প্রার্থীৰ পৰা কেন্দ্রসমূহে কোনো পৰীক্ষা কেন্দ্রৰ মাচুল সংগ্রহ কৰিব নোৱাৰিব৷ কম্পার্টমেণ্টেল পৰীক্ষাসমূহ কেৱল থিয়ৰী প্রশ্ণকাকতসমূহৰ বাবেহে অনুষ্ঠিত হ’ব৷ মূল পৰীক্ষাৰ দৰেই কম্পার্টমেণ্টেল পৰীক্ষাতো অ’এমআৰ এনছাৰ শ্বীটৰ ব্যৱস্থা থাকিব৷ প্রার্থীসকলে মূল বিষয়সমূহত অ’এমআৰ উত্তৰবহী আৰু বর্ণনামূলক অংশত সুকীয়া সুকীয়াকৈ উত্তীর্ণ হ’ব লাগিব৷ সংশ্লিষ্ট প’র্টেলত ব’র্ডে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্রসমূহৰ তালিকা প্রকাশ কৰিব৷ বিদ্যালয়সমূহৰ মুৰব্বীসকলে অনলাইন প’র্টেলৰ জৰিয়তে পছন্দৰ কেন্দ্র বাছনি কৰিব লাগিব৷ প্রার্থীসকলৰ প্র–পত্র পূৰণৰ সময়তে মুৰব্বীসকলে কেন্দ্রৰ নাম উল্লেখ কৰিব লাগিব৷ যদিহে কোনো এটা কেন্দ্রত শিক্ষার্থীৰ সংখ্যা ৫০গৰাকীতকৈ কম হয়, তেনেহ’লে সেই কেন্দ্রসমূহ সমীপৱর্তী কেন্দ্রৰ সৈতে একত্রীকৰণ কৰা হ’ব৷ তদুপৰি সদ্যঘোষিত পৰীক্ষাৰ ফলাফলৰ পাছত শিক্ষার্থীসকলে উত্তৰবহীৰ পুনৰ পৰীক্ষণৰ লগতে স্কেন্ড কপীও লাভ কৰিব পাৰিব৷
যিসকল প্রার্থীয়ে উত্তৰবহী পুনৰ পৰীক্ষণ কৰিব বিচাৰিব, তেওঁলোকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ডৰ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব লাগিব৷ উত্তৰবহী পুনৰ পৰীক্ষণৰ লগতে স্কেন্ড কপী লাভ কৰাৰ বাবে শিক্ষার্থীসকলে প্রতিটো বিষয়ৰ বাবে ৪০০ টকা প্রদান কৰিব লাগিব৷ অৱশ্যে ব’র্ডে এই কথা স্পষ্ট কৰি দিছে যে উত্তৰবহীসমূহৰ পুনৰ পৰীক্ষণৰ অর্থ এইটো নহ’ব যে উত্তৰবহীসমূহৰ পুনৰ মূল্যায়ন কৰা হ’ব৷ পৰীক্ষকে প্রদান কৰা নম্বৰৰ পুনৰ সর্বমুঠ কৰাৰ লগতে কোনো উত্তৰৰ মূল্যায়ন নোহোৱাকৈ থাকি গৈছে নেকি সেয়াহে পৰীক্ষা কৰা হ’ব৷ ৩০ দিনৰ ভিতৰত শিক্ষার্থীসকলক পুনৰ পৰীক্ষণ কৰাৰ ফলাফল প্রদান কৰা হ’ব৷ আবেদন লাভ কৰাৰ শেষ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত পুনৰ পৰীক্ষাৰ ফলাফল এছএমএছ অথবা ই–মেইলৰ জৰিয়তে প্রদান কৰা হ’ব৷ যদিহে মুঠ নম্বৰৰ ক্ষেত্রত সালসলনি হয়, তেনেহ’লে প্রকৃত মার্কশ্বীট অথবা প্রমাণপত্র ব’ডৰ কার্যালয়ত দাখিল কৰিলে নতুন মার্কশ্বীট অথবা প্রমাণপত্র শিক্ষার্থীসকলক প্রদান কৰা হ’ব৷
এই প্রক্রিয়া তেওঁলোকে সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীৰ জৰিয়তে কৰিব লাগিব৷ তেনেধৰণৰ মার্কশ্বীট অথবা প্রমাণপত্র প্রত্যক্ষভাৱে প্রার্থী অথবা কোনো সংস্থাৰ জৰিয়তে প্রেৰণ কৰা নহ’ব বুলিও ব’র্ডে উল্লেখ কৰিছে৷ উত্তৰবহীৰ স্কেন্ড কপী আবেদন কৰা প্রার্থীসকলক কেৱল ই–মেইলৰ জৰিয়তেহে প্রদান কৰা হ’ব৷ অ’এমআৰ আৰু এনছাৰ কীৰ স্কেন্ড কপী লাভ কৰাৰ বাবে শিক্ষার্থীসকলে প্রতিটো বিষয়ত ৫০ টকাকৈ প্রদান কৰিব লাগিব৷ আবেদন লাভ কৰাৰ শেষ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত অ’এমআৰ আৰু এনছাৰ কীৰ স্কেন্ড কপী আবেদনকাৰীসকলক ই–মেইলৰ জৰিয়তে ব’র্ডে প্রদান কৰিব৷ এই প্রক্রিয়াৰ বাবে আজিৰ পৰা দুদিনৰ ভিতৰত প’র্টেলৰ লিংক খুলি দিয়া হ’ব৷ প্রার্থীসকলে প’র্টেলৰ লিংক খুলি দিয়াৰ ১৫ দিনৰ ভিতৰত আবেদনসমূহ দাখিল কৰিব লাগিব৷
ইয়াৰ বাবে আবেদন প্রক্রিয়াৰ সকলো তথ্য লিংকত উপলব্ধ হ’ব৷ কোনোধৰণৰ অফলাইন আবেদন এইক্ষেত্রত ব’র্ডে গ্রহণ নকৰে৷ মাচুল অবিহনেও প্রার্থীসকলে আবেদন দাখিল কৰিব নোৱাৰিব৷ অসম্পূর্ণ আবেদনসমূহ নাকচ কৰা হ’ব বুলিও ব’র্ডে সদৰী কৰিছে৷ আনহাতে, প্রার্থীসকলে লিখিতভাৱে এক প্রতিশ্রুতি প্রদান কৰিব লাগিব যে উত্তৰবহীৰ পুনৰ পৰীক্ষণৰ সৈতে স্কেন্ড কপীসমূহ কোনো প্রতিষ্ঠান অথবা বিদ্যালয়ৰ প্রদর্শনীৰ বাবে প্রদান নকৰে৷ তদুপৰি ছপা মাধ্যম আৰু ইলেক্ট্র’নিক মাধ্যমতো তেওঁলোকে এই স্কেন্ড কপীসমূহ প্রদর্শন কৰিব নোৱাৰিব৷ এই নির্দেশ উলংঘন কৰিলে প্রার্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও ব’র্ডে সদৰী কৰিছে৷