ৰাজ্যিক কেবিনেটত গুৰুত্বপূর্ণ সিদ্ধান্ত, চাহ শ্রমিকৰ মজুৰি ৰেচন বানচ ৩১৮ টকালৈ বৃদ্ধি
নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূর্ণ সিদ্ধান্তৰ জৰিয়তে চাহ শ্রমিকৰ মজুৰি ২১৭ টকালৈ বৃদ্ধি কৰিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ৰাজ্যিক ব্রহ্মপুত্র অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত কালি এই সিদ্ধান্ত গ্রহণ কৰা হয়৷
পূর্বে চাহ শ্রমিকসকলে মজুৰি লাভ কৰিছিল ১৬৭ টকাকৈ৷ এই মজুৰি ৫০ টকা বৃদ্ধি কৰি কালি ৰাজ্যিক কেবিনেটে চাহ শ্রমিকৰ দৈনিক মজুৰি ২১৭ টকা নির্ধাৰণ কৰে৷ তদুপৰি ৰেচন বানচ হিচাপে দৈনিক ১০১ টকা ধৰিলে মুঠ ৩১৮ টকাকৈ এতিয়াৰে পৰা দৈনিক মজুৰি লাভ কৰিব চাহ শ্রমিকসকলে৷
কেবিনেট বৈঠক সন্দর্ভত উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়া অনুসৰি, কেবিনেটে ৫৮০গৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত লয়৷ ২০০১ চনৰ পৰা কার্যকৰী হোৱাকৈ এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া হ’ব৷
আনহাতে, কেবিনেটে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত অতি কমেও ১০ বছৰ সেৱা আগবঢ়োৱা ঠিকাভিত্তিক কর্মচাৰীসকলৰ ৬০ বছৰলৈ চাকৰিৰ সম্প্রসাৰণৰ অনুমোদন জনায়৷ কেবিনেট বৈঠকতে ৫৭খন বিদ্যালয়ৰ ১০১গৰাকী বৃত্তিমুখী শিক্ষাৰ শিক্ষকলৈ টাইম স্কেল প্রদানত অনুমোদন জনোৱা হয়৷
ইয়াৰ জৰিয়তে এই শিক্ষকসকলে প্রতিমাহে ২৮,৭৪৮ টকাকৈ দৰমহা লাভ কৰিব৷ বৈঠকত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ কর্মচাৰীৰ নিয়মীয়াকৰণত অনুমোদন জনোৱা হয়৷ তদুপৰি আগন্তুক নির্বাচনৰ বাবে তথা নির্বাচনৰ পাছত ব্যৱহাৰৰ বাবে ৮ হাজাৰখন হুইল চেয়াৰ ক্রয়ৰ কেবিনেটে অনুমোদন জনায়৷
এই কেবিনেটতে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্রত ৱ’ল্ড ৰিনিউৱেল স্পিৰিচুৱেল ট্রাষ্টলৈ ১০ বিঘা ভূমিৰ আবণ্টন দিয়াৰ লগতে গুৱাহাটীৰ দীপক সংঘলৈ উলুবাৰী মৌজাৰ এক কঠা ভূমিৰ আবণ্টনত অনুমোদন জনোৱা হয়৷
কেবিনেট বৈঠকে বড়োলেণ্ড প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ বাবে সিদ্ধান্ত গ্রহণৰ লগতে বড়োলেণ্ড কল্যাণ বিভাগ নামৰ এটা নতুন বিভাগ সৃষ্টিত অনুমোদন জনায়৷ বৈঠকত অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ অধ্যক্ষ, সদস্য সচিব আৰু সদস্যৰ যোগ্যতাৰ সেৱাৰ বিধিৰ নীতিত অনুমোদন জনায়৷
মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সদৰী কৰা মতে, কেবিনেট বৈঠকত পৌৰ নিকায়সমূহৰ নির্বাচন অনুষ্ঠিত কৰাৰ সময় ১২ মাহৰ পৰিৱর্তে ১৮ মাহ কৰাৰ বাবে এক সংশোধনী অধ্যাদেশ জাৰি কৰাৰ প্রস্তাৱ গ্রহণ কৰে৷ এই বৈঠকতে ভি জি আৰৰ ডি–ৰিজার্ভেচনৰ ভিত্তিত নগাঁৱৰ হাতীচুঙত শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ২৩৯ বিঘা ভূমিৰ আবণ্টন জনোৱা হয়৷ আনহাতে, উত্তৰ গুৱাহাটী, উজান বজাৰ আৰু ভৰলুমুখ এই তিনিখন ঠাইত গুৱাহাটী মাষ্টাৰ প্লেন–২০২৫ৰ সংশোধনীৰ প্রস্তাৱ গ্রহণ কৰা হয়৷