নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে জনতা ভৱনত সম্পন্ন ৰাজ্যিক কেবিনেট বৈঠক

🔹 ২৫ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈকে সকলো কেবিনেট মন্ত্ৰী যাব ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ

🔹 ৩ বছৰ পুৰণি ৬,৯৫৩খন দুৰ্গাপূজা সমিতিলৈ আগবঢ়াব ১০ হাজাৰ টকাকৈ

বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : আজি জনতা ভৱনত সম্পন্ন হয় ৰাজ্যিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত লোৱা সিদ্ধান্তসমূহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদ মেল অনুষ্ঠিত কৰি ঘোষণা কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেলত সদৰী কৰা অনুসৰি, অহা ২৫ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈকে সকলো কেবিনেট মন্ত্ৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাব। ইয়াৰ পৰিপ্ৰেক্ষিতত মুঠ ৫টা জ’ন সাজু কৰা হৈছে। প্ৰতিটো জ’নত একোজন মন্ত্ৰীয়ে এটা দিন ৰাইজৰ সৈতে থাকিব লাগিব। আনহাতে, ৰাজ্যৰ ৩ বছৰ পুৰণি ৬,৯৫৩খন দুৰ্গাপূজা সমিতিক চৰকাৰে আগবঢ়াব ১০ হাজাৰ টকাকৈ অনুদান। বলপূৰ্বক চান্দা তোলাৰ পৰা বিৰত থাকিবলৈ পূজা সমিতিসমূহক অনুৰোধ জনায় কেবিনেটে। তদুপৰি কেবিনেটত লোৱা আন এক সিদ্ধান্ত অনুসৰি চৰকাৰী অধিবক্তা নিযুক্তিৰ ক্ষেত্ৰত কেবিনেটত সংশোধন অনা হৈছে। প্ৰত্যেক জিলাত থকা চৰকাৰী অধিবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয়। কেবিনেটে অহা ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ এপষেক শিক্ষা পষেক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই পষেকত ৰাজ্যত ৪০০তকৈ অধিক বিদ্যালয় নিৰ্মাণ হ’ব। ৩০০খন বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি চাহ বাগিচা অঞ্চলত ১০০খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব। এই পষেকতে ১৫খন নতুন মহাবিদ্যালয় নিৰ্মাণ হ’ব। ভূমি আবণ্টন সম্পৰ্কীয় এক সিদ্ধান্ত গ্ৰহণ কৰি চহৰাঞ্চলৰ ১২৩টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি গ্ৰামাঞ্চলৰ ৫৫ হাজাৰ ভূমিহীন পৰিয়ালক ভূমি আবণ্টনত অনুমোদন জনায়। ইফালে, ২০২৪ চনৰ চৰকাৰী বন্ধৰ তালিকাত কেবিনেটে অনুমোদন জনায়।

You might also like