শিশুৰ বাবে ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰিব ৰাজ্য চৰকাৰেঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২৬ মে’: মঙলবাৰে জনতা ভৱনস্থিত কার্যালয়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যলোচনা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিশুৰ বাবে ক’ভিড কেয়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ লগতে ৰাজ্যৰ প্রতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিলা চিকিৎসালয়ত শিশুৰ বাবে আছুতীয়া ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰাৰ বাবে স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত শিশুৰ বাবে ক’ভিড আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩০টা আই চি ইউ স্থাপন কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০টাকৈ আই চি ইউ স্থাপন কৰা হ’ব৷
তদুপৰি ৰাজ্যৰ অন্যান্য মেডিকেল কলেজ হাস্পতালত ১৫টাকৈ এনে আই চি ইউ স্থাপন কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ত শিশুৰ বাবে ১৫টা ইনটেনচিভ কেয়াৰ ইউনিটৰ লগতে সকলো জিলা হাস্পতালত ৫টাকৈ ইনটেনচিভ কেয়াৰ ইউনিট স্থাপন কৰি চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি তোলা হ’ব৷ মুখ্যমন্ত্রীয়ে কয়– ‘শিশুৰ বাবে ইনটেনচিভ কেয়াৰ ইউনিট অধিক শক্তিশালীকৰণৰ বাবে টেকনিচিয়ান আৰু নার্ছৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷ এই উদ্দেশ্যে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক প্রশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হ’ব৷’ মুখ্যমন্ত্রীয়ে লগতে স্বাস্থ্য বিভাগৰ প্রধান সচিবগৰাকীক বর্তমান বিভিন্ন চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈ থকা আই চি ইউ টেকনিচিয়ানৰ পদসমূহ শীঘ্রে পূৰণ কৰাৰ বাবে নির্দেশ দিয়ে৷ ইয়াৰ বাবে প্রতিখন চিকিৎসা মহাবিদ্যালয়ত একোগৰাকীকৈ ন’ডেল বিষয়া নিয়োগ কৰি তেওঁলোকৰ জৰিয়তে প্রশিক্ষণৰ পাঠ্যক্রম প্রস্তুত কৰাৰ বাবেও নির্দেশ দিয়ে৷
ৰাজ্যখনৰ ক’ভিড চিকিৎসা ব্যৱস্থাপনা অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালকগৰাকীক সমগ্র ৰাজ্যখনতে টিকাকৰণৰ প্রক্রিয়াটো অধিক দ্রুত কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই সান্ধ্য আইন কঠোৰভাৱে বলৱৎ কৰাৰ লগতে কনটেইনমেণ্ট এলেকাত প্রয়োজনীয় পদক্ষেপ লোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ মঙলবাৰৰ এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল, ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক লক্ষ্মণন এছ প্রমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷