ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ আলোচনা-চক্ৰত সাহিত্য অকাডেমি বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৩ জুন : “কলা সত্য সুন্দৰৰ সৃষ্টি, কিন্তু সৃষ্টিৰ বাবে প্ৰয়োজন এক আৱেগ ,এক নিবিড় চঞ্চলতা । কিন্তু আমি কত পাম সেই আৱেগ, সেই চঞ্চলতা । সেই আৱেগ ,সেই চঞ্চলতা সকলোৰে মাজত নাথাকে । যেতিয়া শিল্পীৰ মাজত জাগি উঠে সৃজনৰ আৱেগ, সৃজনৰ স্প্ন্দন তেতিয়া সত্য সুন্দৰৰ অংগে অংগে লাৱণ্যৰ ঢৌ উঠে” বুলি মহাযোগী অৰবিন্দই কোৱাৰ উপৰি তেখেতে সাহিত্যৰ ক্ষেত্ৰতো কৈছে যে কোনো জাতিৰ ৰস তথা সৌন্দৰ্যবোধ আৰু ক্ৰিয়াশীল মনৰ শক্তিৰ মাজত যি অভিব্যক্তি হয় । ঠিক তেনেদৰে প্ৰত্যেক জাতিৰ মাজত ক্ৰিয়াশীল শক্তি থাকে আৰু সেই সৌন্দৰ্যবোধ আৰু মনশক্তিৰ মাজত আত্মাৰ যেতিয়া অভিব্যক্তি হয় তাত তেতিয়া বিশেষৰূপে কেন্দ্ৰীভুত কৰি অৰ্থাৎ সেইসমুহ শিল্পই প্ৰকাশ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে অনুবাদ সাহিত্যৰ একাডেমী বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মাই যোগীৰাজ অৰবিন্দৰ সাহিত্য ,শিল্প আৰু সৌন্দৰ্যৰ ওপৰত আলোকপাত কৰি দিয়া এক মননশীল ভাষন প্ৰসংগত । “আমি নিজকে দৰ্শন কৰিব নিবিচাৰোঁ। আমি আজি কি পৰ্যায়ত আছোঁ সেয়া মহাঋষিয়ে কৈ গৈছে। তেওঁ কৈছে – পাঁচ হাজাৰ পূৰ্বে মানুহ বৰ্বৰ আছিল,আমি এতিয়া সভ্য মানুহ । কিন্তু দুহাজাৰ বছৰ পিছত মানুহে আমাক লৈ পুনৰ গবেষণা কৰি ক’ব আমি বৰ্বৰ আছিলোঁ। কিয়নো আমি পৃথিৱী ধ্বংস কৰিব গৈ আছোঁ। আমি প্ৰকৃতিক ধ্বংস কৰি গৈছো। প্ৰাকৃতিক সম্পদ সমূহ আমি লাহে লাহে ধ্বংস কৰি গৈয়েই আছোঁ। সেয়ে আমি সভ্য বৰ্বৰ হৈ গৈছো। আমি সভ্য হৈয়ো সেই পাঁচ হাজাৰ বছৰ আগতে বসবাস কৰা সেই বৰ্বৰ মানুহ বুলি কোৱা সিহঁতৰ দৰেই আচৰণ কৰি গৈছো। কিয়নো মানুহে সেই তাহানিৰ দিনৰ ৰাৱণে কৰা আচৰণৰ দৰে এতিয়া বিজ্ঞানৰ বলত মানুহে প্ৰকৃতিক ধ্বংস কৰিছে। আজি বিজ্ঞানৰ শক্তিৰে বলীয়ান হৈ মানুহে নিজকে সেই পাঁচ হাজাৰ বছৰ পুৰণি বৰ্বৰ মানুহ বুলি নিজকে পৰিচয় দিছে তথা নিজকে আত্মপ্ৰকাশ কৰিছে ।সেয়ে মানুহ অসভ্য বৰ্বৰ হʼব নালাগে। বৰ্তমান আজিৰ দিনত মানুহ সভ্য হৈয়ো বৰ্বৰ হৈ পৰিছে । মহামুনি শ্ৰীঅৰবিন্দই কৈ গৈছে যে বৰ্তমান সময়ত আমি তীব্ৰ গতিত সেই বৰ্বৰতাৰ দিশে, সভ্য বৰ্বৰতাৰ দিশে গতি কৰিছোঁ।” এইদৰে মন্তব্য কৰে অনুবাদ সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক তথা শ্ৰীৰামকৃষ্ণ, শ্ৰীবিবেকানন্দ আৰু শ্ৰীঅৰবিন্দৰ অনুৰাগী দিগন্ত বিশ্ব শৰ্মাৰ। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যেগত,অসম সাহিত্য সভাৰ ভৱানীপুৰ শতদল শাখা আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাৰ সহযোগত আজি অনুষ্ঠিত “শ্ৰী অৰবিন্দৰ আলোকত নী, কাব্য আৰু সাহিত্যৰ মূল্য” শীৰ্ষক এক মনজ্ঞ ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰত দিগন্ত বিশ্ব শৰ্মাই মুখ্য আলোচকৰূপে এনেধৰণৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। দিগন্ত বিশ্ব শৰ্মাই তেওঁৰ বিশ্লেষণাত্মক বক্তব্যত কয় যে – কলাৰ কাম প্ৰকৃতিক অনুকৰণ কৰা নহয়, কলাৰ কাম প্ৰকৃতিকৰ অন্তৰালত যি সত্য আছে সেই সত্যক অভিব্যক্ত কৰা। শিল্পী, সাহিত্যিক, কলাকাৰৰ কাম প্ৰকৃতিক অনুকৰণ কৰা নহয় বাস্তৱত প্ৰকৃতিৰ মাজত যি কথা অবকুণ্ঠিত হৈ আছে, যি সত্য লুকাই আছে সেই লুক্কাৰিত সত্যক অভিব্যক্ত কৰিব পাৰিব লাগিব”। দিগন্ত বিশ্ব শৰ্মাই আধ্যাত্মিকতাৰ ওপৰত এক বহল বাখ্যাৰে বক্তৃতা প্ৰদান কৰে আলোচনাচক্ৰত। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই বিশিষ্ট অতিথিৰূপে ভাষণ দিয়াৰ লগতে অসম সাহিত্য সভাৰ ভৱানীপুৰ শতদল শাখাৰ সম্পাদক দিলীপ দাস আৰু ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় শাখাৰ সম্পাদক দিলীপ কুমাৰ ডেকায়ো বক্তৃতা প্ৰদান কৰে। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকদ্বয় ৰাজু কুমাৰ দাস আৰু ড° সমীৰণ শৰ্মাই আত ধৰা আলোচনাচক্ৰত আৰম্ভণিতে আদৰণী ভাষণ দিয়ে অধ্যক্ষ ড° মুকুন্দ শৰ্মাই। আলোচনাচক্ৰৰ প্ৰাক মুহূৰ্তত শ্ৰীঅৰবিন্দৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন আৰু শ্ৰীঅৰবিন্দৰ প্ৰতিচ্ছবিত মাল্যদান কৰে ক্ৰমে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধৰণীধৰ তালুকদাৰ আৰু ভৱানীপুৰ শতদল শাখা সাহিত্য সভাৰ সভাপতি বিৰিঞ্চি কুমাৰ চৌধুৰীয়ে। আলোচনাচক্ৰত সমৱেত সংগীত আৰু জাতীয় সংগীতো পৰিৱেশন কৰা হয়। ইফালে সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে ।
প্ৰেৰক ভূষণ তালুকদাৰ