দিখৌমুখত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিখৌমুখ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ ২৮ মাৰ্চৰ দিনা মুকলি কৰা হয়৷ উক্ত গ্ৰাহক সেৱা কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক ৰমানন্দ গোপাল হাজৰিকাই৷ গ্ৰাহক সেৱা কেন্দ্ৰটো মুকলি কৰি খণ্ড সমন্বয়ক গৰাকীয়ে গ্ৰামীণ মহিলাসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গঠিত এই বিভাগটোৱে প্ৰশাসন যন্ত্ৰক ৰাইজৰ কাষলৈ লৈ যোৱা বিভিন্ন প্ৰক্ৰিয়া হাতত লোৱাৰ বুলি মন্তব্য প্ৰকাশ কৰে৷ উল্লেখ্য অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ অধীনস্থ এটি গ্ৰাহক সেৱা কেন্দ্ৰৰ সহায়ত গ্ৰামাঞ্চলৰ লোক সকলে আত্মসহায়ক গোট সমুহৰ বিভিন্ন কাম কাজ, বেংক সম্বন্ধীয় যিকোনো সেৱা যেনে টকা পইছাৰ লেন দেনৰ উপৰি বিভিন্ন অনলাইন কাম কাজসমুহো সম্পন্ন কৰিব পাৰিব৷ অনুস্থানটিত খণ্ড আচনি সমন্বয়ক মধুস্মিতা বাইলুং উপস্থিত থাকি গ্ৰামীন জনসাধাৰণে অসম গ্ৰামীণ জীবিকা অভিযানৰ বেংক মিত্ৰ পলি গগৈৰ এই সেৱা কেন্দ্ৰটোৰ দ্বাৰা কেনেদৰে উপকৃত হ’ব সেই সম্পৰ্কে ব্যাখ্যা ডাঙি ধৰে৷ সভাত দিখৌমুখ গাঁও পঞ্চায়তৰ সভাপতি অভিজিত মিলি, বিশিষ্ট সমাজকৰ্মী যদুমনি গোস্বামী, প্ৰসেন ভৰালীকে ধৰি স্থানীয় বহুকেইটা আত্মসহায়ক গোটৰ সদস্য-সদস্যা সকল আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷
প্ৰেৰক প্ৰণৱ খাটনিয়াৰ