নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিবিৰ ৩০০ কোটি অথলে যাব নেকি, এতিয়াও কৃত্রিম বানৰ তলত ডিব্ৰুগড়

নিয়মীয়া বার্তা, ৩০ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভয়াৱহ কৃত্রিম বানৰ কবলত ককবকাইছে ডিব্রুগড় চহৰবাসীয়ে৷ শেহতীয়াকৈ হোৱা বানৰ ফলত ঘৰ–বাৰী এৰি আশ্রয় শিবিৰত আশ্রয় ল’বলগীয়া হৈছে বহুসংখ্যক লোকে৷ কৃত্রিম বানত নষ্ট হৈছে চহৰবাসীৰ সা–সম্পদ৷ দীর্ঘদিন ধৰি চহৰখনত পানী নিষ্কাশনৰ বাবে সুপৰিকল্পিত ব্যৱস্থা গ্রহণ নকৰা বাবেই এই ভয়াৱহ বান পৰিস্থিতি সৃষ্টি হোৱা বুলি প্রকাশ কৰিছে ডিব্রুগড়বাসীয়ে৷ বিগত সময়ছোৱাত চহৰখনৰ নলা–নর্দমাৰ খনন, পৰিবর্ধন আৰু পকীকৰণৰ ক্ষেত্রত প্রশাসনে কৰি অহা চূড়ান্ত অৱহেলাৰ বাবেই কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷

শেহতীয়াকৈ ডিব্রুগড়ত নলা–নর্দমা নির্মাণৰ বাবে কেইবাটাও প্রকল্প গ্রহণ কৰা হৈছিল যদিও আজি পর্যন্ত এই প্রকল্পসমূহৰ নির্মাণকার্য সম্পূর্ণ নহ’ল৷ বিগত কংগ্রেছ চৰকাৰৰ দিনতে ডিব্রুগড়ত মুখ্য সুৰক্ষা নলাৰ খনন, সংবর্ধন আৰু পকীকৰণৰ বাবে কে কে স্পান নামৰ এটা স্পেনিছ কোম্পানীক দায়িত্ব দিয়া হৈছিল৷ ২০১৭ চনত মাত্র ১৩ শতাংশ কাম কৰিয়েই কোম্পানীটো উধাও হয়৷ ইয়াৰ পাছত বদ্রি এণ্ড কোম্পানী আৰু গেনন দংকাৰলে কোম্পানীক দায়িত্ব প্রদান কৰা হয়৷ বিগত বর্ষৰ আৰম্ভণিতে এই কোম্পানী দুটাক দায়িত্ব দিয়া হৈছিল৷ অসম নগৰ আন্তঃগাঁথনি উন্নয়ন খণ্ডৰ অধীনত ৯.৫ কিলোমিটাৰ দৈর্ঘ্যৰ সুৰক্ষা নলাটোৰ ৪.৫ কিলোমিটাৰ নির্মাণৰ কামৰ বদ্রি এণ্ড কোম্পানীক দায়িত্ব দিয়া হৈছিল৷

কিন্তু পৰিতাপৰ কথা এয়ে যে আজিপর্যন্ত চহৰৰ মূল অংশৰ কাম–কাজ আৰম্ভই নহ’ল৷ একেদৰে চহৰখনৰ লালুকা গাঁৱৰ পৰা বৰপথাৰৰ হাতকটা কোঁৱৰ গাঁৱলৈকে মুঠ ৪.৫ কিলোমিটাৰ দৈর্ঘ্যৰ সুৰক্ষা নলাটোৰ খনন আৰু পকীকৰণৰ দায়িত্ব এই কোম্পানীটোক অর্পণ কৰা হৈছে৷ মুঠ ৮৪ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই নলাটোৰ কাম প্রথম অৱস্থাত খুব সুন্দৰভাৱেই আগবঢ়াই নিছিল কোম্পানীটোৱে৷ কিন্তু দিন বাগৰাৰ লগে লগে নির্মাণকার্যত চূড়ান্ত গাফিলতি আৰম্ভ হয়৷ ইয়াৰ সমান্তৰালভাৱে জি ডি চি এল আৰু বদ্রি এণ্ড কোম্পানীক ডিব্রুগড়ৰ আন কেইবাটাও নলা–নর্দমা নির্মাণৰ দায়িত্ব অর্পণ কৰা হয়৷

কিন্তু কোম্পানী দুটাই ব্যাপক বিসংগতিপূর্ণভাৱে এই নলা–নর্দমাসমূহ নির্মাণ কৰা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে৷ ইফালে, হাতকটা কোঁৱৰ গাঁৱৰ পৰা মধুপুৰ শ্লুইছ গেটলৈকে ১৫.৮ কিলোমিটাৰ দৈর্ঘ্যৰ নলা পকীকৰণ আৰু সংবর্ধনৰ নিবিদা জি ডি চি এলক অর্পণ কৰা হৈছিল৷ এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্রায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই নলাৰ কাম–কাজক লৈ লৈও সন্দেহ প্রকাশ কৰিছে স্থানীয় ৰাইজে৷ এই পেকেজৰ অধীনত ডিব্রুগড় চহৰৰ প্রায় ১৫টা গুৰুত্বপূর্ণ নলা–নর্দমা নির্মাণৰ দায়িত্ব উক্ত প্রতিষ্ঠানটোক অর্পণ কৰা হৈছে৷

ডিব্রুগড়ৰ জেইল ৰোড নলা, ৰেডক্রছ ৰোড, সেউজপুৰৰ নলা, পদুমনগৰ, জীৱন ফুকন নগৰ, মিলননগৰ, মাইজান আৰু আউনীআটী শাখা সত্রৰ সমীপৰ এটা নলাৰ কাম উক্ত পুঁজিৰ পৰা কৰা হৈছিল৷ এই নলাসমূহৰ নির্মাণতো বহু বিসংগতি ৰৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ চহৰখনৰ মানকটা পথৰ কাষৰ নলা, মিলননগৰৰ প্রধান পথটোক সামৰি এফ গলি হৈ নগাবাৰী পর্যন্ত জালানবাগানৰ নলাত পৰালৈকে বহুসংখ্যক নলা–নর্দমাৰ পানী ওলোৱাৰ সুব্যৱস্থা কৰা নহ’ল৷ বিভিন্ন স্থানত নলা–নর্দমাসমূহ অর্ধনির্মিত হৈ থকাৰ বাবে এজাক বৰষুণ দিলেই কৃত্রিম বানত বুৰ যায় সমগ্র চহৰখন৷ ঠিকাদাৰী প্রতিষ্ঠানসমূহে লকডাউনৰ দোহাই দি উক্ত কামসমূহ সম্পূর্ণ নোহোৱা বুলি প্রকাশ কৰা কার্যই চহৰবাসীক এতিয়া অধিক শংকিত কৰি তুলিছে৷

এই ধৰণে কাম আৰম্ভ আগবাঢ়িলে আগন্তুক ৬ মাহৰ ভিতৰতো এই আধৰুৱা কামসমূহ সম্পূর্ণ হোৱাৰ কোনো সম্ভাৱনা নাই৷ প্রধানতঃ উক্ত ঠিকাদাৰী প্রতিষ্ঠানসমূহৰ গাফিলতিতে কার্যতঃ স্তব্ধ হৈ পৰিছে ডিব্রুগড় চহৰৰ নলা নির্মাণৰ কাম৷ যাৰ বাবে দুর্ভোগ ভুগিবলগীয়া হৈছে ডিব্রুগড়বাসীয়ে৷ উল্লেখ্য যে বিগত দিনকেইটাতকৈ আজি চহৰখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে৷ তৎসত্ত্বেও ডিব্রুগড়ৰ অধিকাংশ স্থানেই এতিয়াও কৃত্রিম বানত বুৰ গৈ আছে৷

You might also like