২৩ বছৰি শিক্ষকতা কৰিও দৰমহা নোপোৱা শিক্ষকৰ কাহিনী : অৱসৰৰ পিছতো অব্যাহত ৰাখিছে পাঠদান
নিয়মীয়া বাৰ্তা ৩ জুনঃ ব্যক্তিগৰাকীৰ নাম ৰাজীৱ বৰুৱা ।প্ৰায় ২৩ বছৰীয়া কাৰ্যকাল ৷ ২৩ বছৰীয়া কাৰ্যকালত তেওঁ ব্ৰতী হ’ল শিক্ষাদানৰ দৰে মহান কাৰ্য্যত ৷ পিছে সুদীৰ্ঘ এই সময়ছোৱাত তেওঁ পাৰিশ্ৰমিক হিচাপে নাপালে এটকাও ৷ শিক্ষা দিনৰ দৰে এক মহান কাৰ্য্যত ব্ৰতী হৈছিল ব্যক্তি গৰাকী ৷ বহুতৰে শৈক্ষিক জীৱন শিক্ষাৰ আলোকেৰে আলোকিত কৰিলে তেওঁ ৷ পিছে তাৰ বিনিময়ত তেওঁ লাভ নকৰিলে এটা টকাও ৷ হয় সুদীৰ্ঘ ২৩ বছৰ বিনাবেতনে শিক্ষাদান কৰা এই ৰাজীৱ বৰুৱাই ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহতে নগাঁৱৰ আৰবান বেচিক স্কুলত শিক্ষকৰ পদত যোগদান কৰি ২০২২ বৰ্ষৰ মাৰ্চত এই বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিলে ৰাজীৱ বৰুৱাই ৷ তেতিয়াৰ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দিনতে OBB শিক্ষক হিচাপে অন্য বহু কেইজনৰ লগতে ৰাজীৱ বৰুৱাইও পাইছিল নিযুক্তি ৷ পিছে তেওঁৰ লগৰ অন্য সকলে চাকৰি লাভ কৰি দৰ্মহা পালে যদিও ৰাজীৱ বৰুৱা পিছে বঞ্চিত হৈ ৰ’ল মাহিলী দৰ্মহাৰ পৰা। কিন্তু আৰ্থিক অনাতনৰ মাজেৰেই তেও শিক্ষাদান কৰি থাকিল ৷ আৰু এদিন বিনা বেতনে অৱসৰো লাভ কৰিলে ৷ অৱসৰৰ পাছতো বিদ্যালয় খনৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানেও ব্ৰতী হৈ আছে শিক্ষা দানত ৷ চাকৰিত দৰ্মহা লাভ নকৰাৰ বাবে আদালতৰ দ্বাৰস্থ হৈয়ো কোনো সুফল নাপালে ৰাজীৱ বৰুৱাই ৷ ধনৰ অভাৱৰ বাবেই অতি মেধাবী হোৱাৰ পাছতো নিজ পুত্ৰই বিচৰা ধৰণে শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিব নোৱাৰিলে ৰাজীৱ বৰুৱাই ৷ ৰাজীৱ বৰুৱাৰ চৰকাৰলৈ আহ্বান,কিবা ব্যৱস্থা গ্ৰহণ কৰক তেওৰ পেঞ্চন লাভৰ ক্ষেত্ৰত ৷ যাতে জীৱনৰ বাকী চোৱা সময় জীয়াই থকাৰ ক্ষেত্ৰত তেওঁ কিছু সকাহ লাভ কৰে ৷ বৰ্তমানৰ চৰকাৰ খনে শুনিবনে ৰাজীৱ বৰুৱাৰ এই আহ্বান ? সমগ্ৰ কাৰ্যকাল দৰ্মহাৰ পৰা বঞ্চিত ৰাজীৱ বৰুবাই লাভ কৰিবনে পেঞ্চন ? বৰ্তমান সময়ত ই এক দাঙৰ প্ৰশ্ন। আনহাতে কাৰ হেমাহীৰ বাবে ৰাজীৱ বৰুৱাৰ দৰে এজন নিষ্ঠাবান শিক্ষক দৰ্মহাৰ পৰা বঞ্চিত হৈ ৰ’ল সিও এক ডাঙৰ প্ৰশ্ন হৈ ৰ’ব ৷
প্ৰেৰক মানৱ জ্যোতি বৰা