নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিচয় পত্ৰ নোহোৱাকৈও পাব ১০,০০০ টকাৰ ঋণ, চৰকাৰে সলনি কৰিলে নিয়ম

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ বাবে দেশত জাৰি কৰা লকডাউনে প্ৰভাৱিত কৰিছে জনজীৱন। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত সাধাৰণ ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে আৰম্ভ কৰিছিল আত্মনিৰ্ভৰ অভিযানৰ।

এই অভিযানৰ অংশ ৰূপে জুনত আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী স্বনিধি যোজনা। বিশেষকৈ পদপথ ব্য়ৱসায়ী, ঠেলাত দোকান দিয়া দোকানী আদি সাধাৰণ ব্যৱসায়ীৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ লাখৰো অধিক এনে লোকক সকাহ দিয়াৰ চিন্তা কৰা হৈছিল।

সেই অনুযায়ী ১০,০০০ টকাৰ ঋণ দিয়াৰ কথা ঘোষণা কৰা হৈছিল ২৪ মাৰ্চৰ আগৰ পৰা পদপথ বা ৰাস্তাৰ কাষত দোকান দিয়া ব্যৱসায়ীক। কিন্তু এতিয়া এই যোজনা মতে দিব লগা ঋণৰ ক্ষেত্ৰত দিয়া গৈছে এটা বিশেষ ৰেহাই।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন নিয়ম অনুযায়ী পৰিচয় পত্ৰ বা বিক্ৰয় প্ৰমাণ পত্ৰ অবিহনেও লাভ কৰিব পাৰে ঋণ। এই ক্ষেত্ৰত প্ৰয়োজন হ’ব অনুমোদন-পত্ৰৰ। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শংকৰ মিশ্ৰই জনাই যে পদপথ ব্যৱসায়ীয়ে স্থানীয় নগৰ নিকায় কৰ্তৃপক্ষক অনুমোদন-পত্ৰৰ বাবে অনুৰোধ কৰিব পাৰিব।

স্থানীয় নিগম কৰ্তৃপক্ষই ১৫ দিনৰ ভিতৰত অনুমোদন-পত্ৰ দিয়াৰ কাম শেষ কৰিব লাগিব। অনুমোদন-পত্ৰ লাভৰ পিছত ঋণৰ বাবে আবেদন কৰিব পাৰিব। অনুমোদন-পত্ৰ থকা ব্যৱসায়ীয়ে  ৩০ দিনৰ ভিতৰত চৰকাৰৰ পৰা বিক্ৰয় প্ৰমাণ পত্ৰ বা পৰিচয় পত্ৰও লাভ কৰিব।

এই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ নীতি-নিয়ম এনেদৰে শিথিল কৰাৰ কাৰণ হিচাপে কোৱা হৈছে যে এনে প্ৰক্ৰিয়াৰ জৰিয়তে বহুসংখ্যক পদপথ ব্যৱসায়ীয়ে ঋণ লাভ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত ঋণ লোৱাৰ বাবে ইতিমধ্যে ৪.৪৫ লাখৰো অধিক আবেদন লাভ কৰিছে চৰকাৰে।

You might also like