কঠোৰ আৰক্ষী : কুঁৱলী শেষ হোৱাৰ পিছতহে বনভোজ যাত্রা
ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জানুৱাৰী : কালি কাহিলিপুৱাতে গোলাঘাট জিলাৰ দেৰগাঁৱত বনভোজ দলৰ বাছ এখন শোকাৱহ দুর্ঘটনাত পতিত হোৱাৰ পিছতেই চৰকাৰৰ তৰফৰ পৰা বনভোজক লৈ নতুন এছঅ’পি প্রকাশ কৰিছে৷ ৰাজ্য চৰকাৰৰ হৈ অসম আৰক্ষীয়ে এই নতুন এছঅ’পিখন প্রকাশ কৰিছে৷ কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে সদৰী কৰি কয় যে এতিয়াৰে পৰা কুঁৱলী শেষ হোৱাৰ পিছতহে বনভোজৰ বাছ চলাব পাৰিব আৰু কুঁৱলী আৰম্ভ হোৱাৰ আগেয়ে বনভোজস্থলীৰ পৰা আহি পাব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, ঘন কুঁৱলীৰ মাজত পুৱা ৪.৩০ বজাত বনভোজৰ গাড়ীয়ে যাত্রা আৰম্ভ কৰিব নালাগে৷ কিন্তু কালি দুর্ঘটনাত পতিত হোৱা বনভোজৰ বাছখন পুৱা ৪.৩০ বজাতেই ওলাই আহিছিল৷ পথত সংকেত চিহ্ণ থাকিলেও সেই সময়ত ঘন কুঁৱলীত একো দেখা নাপায়৷ সেয়ে তেওঁ সকলো বনভোজ দলক পুৱা পোহৰ হোৱাৰ পিছতহে বনভোজলৈ ওলাবলৈ আহ্বান জনায়৷ ইপিনে, ৰাজ্যৰ পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্যই কালিৰ দুর্ঘটনাটো সম্পর্কত কয় যে সংশ্লিষ্ট পথ নির্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিব৷ কালিৰ দুর্ঘটনাটোক লৈ চৰকাৰ উদ্বিগ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুহূর্তে মুহূর্তে সেই দুর্ঘটনাটোৰ খবৰ লৈ আছে৷ ইতিমধ্যে পৰিবহণ আয়ুক্তকে ধৰি অসমত ৰাষ্ট্রীয় ঘাইপথৰ কাম–কাজ চোৱাচিতা কৰা এনএছআইডিচিএলৰ সংশ্লিষ্ট বিষয়াক ঘটনাস্থলীলৈ গৈ তদন্ত কৰাৰ নির্দেশ দিয়া হৈছে৷ দুর্ঘটনাটোক লৈ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে আৰু তদন্ত চলি থাকিব৷ এই শোকাৱহ দুর্ঘটনাটোৰ প্রধান অভিযুক্তক শাস্তি দিয়া হ’ব৷
কি আছে এছঅ’পিখনত
কালি দেৰগাঁৱত বনভোজ দলৰ বাছ এখন শোকাৱহ দুর্ঘটনাত পতিত হোৱাৰ পিছতেই অসম আৰক্ষীৰ চিআইডিৰ তৰফৰ পৰা বনভোজক লৈ এখন এছঅ’পি প্রকাশ কৰা হৈছে৷ চিআইডিৰ বিশেষ আৰক্ষী অধীক্ষকে প্রকাশ কৰা এছঅ’পিখনত মুঠ ১২টা দিশ সন্নিৱিষ্ট কৰা হৈছে৷ সেই অনুসৰি বনভোজৰ দলসমূহে কুঁৱলী থকা অৱস্থাত কোনোধৰণৰ যাত্রা কৰিব নোৱাৰিব৷ বনভোজলৈ যোৱা বাহনত অত্যধিক আৰোহী নিব নোৱাৰিব৷ বনভোজস্থলীত অবৈধ সুৰা বিক্রী কৰিব নোৱাৰিব৷ চালকসকলে যান–বাহন চলোৱাৰ পূর্বে কোনোধৰণৰ নিচাজাতীয় দ্রব্য সেৱন কৰিব নোৱাৰিব৷ যান–বাহনত উচ্চস্তৰৰ সংগীত বজাব নোৱাৰিব৷ অবৈধ সুৰা বিক্রী কৰা ধাবাত স্থানীয় আৰক্ষীয়ে নিয়মিত ৰূপত তালাচী চলাব লাগিব৷ সূর্যোদয়ৰ পূর্বে আৰু সূর্যাস্তৰ পিছত বনভোজৰ বাহন চলাচল কৰিব নোৱাৰিব৷ বনভোজ দলে স্থানীয় আৰক্ষীক যাত্রা আৰম্ভ কৰাৰ স্থান আৰু গন্তব্য স্থানৰ বিষয়ে জনাব লাগিব৷ বনভোজস্থলীসমূহত স্থানীয় আৰক্ষীয়ে নিৰীক্ষণকাৰী গোট, প্রয়োজনসাপেক্ষে ভিডিপিৰ সহযোগত সুৰাপান বা অবৈধ কার্যকলাপ নিৰীক্ষণ কৰিব৷ স্পর্শকাতৰ বনভোজস্থলীসমূহত পর্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা হ’ব৷ প্রতিটো বনভোজস্থলীত পর্যাপ্ত পার্কিঙৰ ব্যৱস্থা নির্ধাৰণ কৰা হ’ব৷ এই এছঅ’পি প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ প্রেৰণ কৰা হৈছে৷ জিলা আৰক্ষী অধীক্ষকসকলক জিলা পৰিবহণ বিষয়া আৰু অন্যান্য বলৱৎকাৰী এজেন্সীৰ সহযোগত প্রতিটো দিশ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ কোৱা হৈছে, যাতে কোনো দুর্ঘটনা সংঘটিত নহয় আৰু মানুহৰ মূল্যৱান জীৱনৰ হানি নহয়৷