বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ ডিজিপি জি পি সিঙে। তেওঁ কয় যে ‘জুন মাহৰ পৰা ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে, এই ব্যাধি অসমৰ পৰা নাইকিয়া কৰিবলৈ এই অভিযান চলিছে’। এই অভিযানৰ লক্ষ্য হৈছে এই মাৰাত্মক ব্যাধিক অসমৰ পৰা সমূলে ধ্বংস কৰা। তেওঁ কয় যে বাল্য বিবাহকাৰীসকলৰ সকলো গোচৰ POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে। তেওঁ জনোৱা মতে এইপৰ্যন্ত ৰাজ্যত ৯১৫জনক গ্ৰেপ্তাৰ কৰা হৈছে, ৭১০টা গোচৰ ৰুজু কৰা হৈছে। ইফালে কালি পোহৰলৈ অহা আলফাৰ নাৰকীয় শাস্তি সন্দৰ্ভতো কয় ডিজিপিগৰাকীয়ে। তেওঁ কয়, নিৰীহৰ হত্যা বন্ধ হ’ব লাগে, ৫-৬ মাহ পূৰ্বৰ পৰা উলিওৱা তথ্যৰ ভিত্তিত বহু লোকক এনেকৈ মৃত্যুদণ্ড দিয়া দেখা পাইছোঁ। আহ্বান জনাওঁ এনেবোৰ ঘটনা ঘটিব নালাগে। আনহাতে আজি এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰে অসমৰ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক তথা অসম সন্তান লাভলীনা বৰগোহাঁয়ে। তেওঁৰ এই পদক লাভত সন্তুষ্ট হৈ ডিজিপিগৰাকীয়ে কয় যে তেখেতলৈ শুভেচ্ছা জনাইছোঁ, আমাৰ সতীৰ্থৰ এনে সফলতাত মই উৎফুল্লিত। আমি ফিজিকেলী ছিলভাৰ মেডেল দেখা পাম। চাইবাৰ অপৰাধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ডিজিপিগৰাকীয়ে। তেওঁ কয়, কোনো লোক পলাই থাকিলেও আমি বিচাৰি উলিয়াম, অভিযান চলি থাকিব, অভিজ্ঞ চাইবাৰ এক্সপাৰ্টৰ সহায়ত আমাৰ তদন্ত চলি আছে। আজিৰ পৰা পাঁচ মাহ আগতে এক ৰহস্যজনক দুৰ্ঘটনাত পতিত হৈ অকাল মৰণক সাবটি লোৱা জোনমণি ৰাভা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এই গোচৰটো বৰ্তমান চিবিআইয়ে চাই আছে, ডিজিপি হিচাপে মই বেলেগ একো নকওঁ। অনুৰূপ এটা দিশ এপিএছচিৰ কেলেংকাৰি সন্দৰ্ভত তেওঁ কয় যে সমগ্ৰ কেলেংকাৰিতো SITয়ে চাই আছে, দোষীয়ে শাস্তি পাবই।