নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া আছুৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

🔹 ৰং বসন্ত ৰাণী ২০২৪ৰ বিজয়ী কৃষ্ণাশ্ৰী বুঢ়াগোঁহাইক বিশেষ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৮ জুন : সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি অহা কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি এই বৰ্ষত নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিত সভাপতিত্ব কৰে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদীপ শইকীয়াই আৰু সভাখনিৰ আঁত ধৰে সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ভাস্কৰ দাসে । দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পুৱা সন্থাৰ সভাপতি ত্রিদীপ শইকীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰা ভাস্কৰ দাসে মুকলি কৰে শ্বহীদ তৰ্পণ কাৰ্যসূচী । উল্লেখযোগ্য যে অনুষ্ঠানটিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩৭৯গৰাকী ছাত্ৰ-ছাত্ৰীক আৰু তেওঁলোকৰ অভিভাৱকসকলক অভিনন্দন জনোৱাৰ উপৰি সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত হোৱা অসম লোকসেৱা আয়োগৰ দৰে প্ৰত্যাহ্বানমূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰি নাহৰকটীয়ালৈ গৌৰৱ কঢ়িয়াই অনা মুঠ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীক আৰু জনপ্ৰিয় টিভি চেনেল ৰং আৰু প্ৰতিদিন টাইমৰ বৰ বিহুৱতীৰ খিতাপ অর্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা উদীয়মান নৃত্যশিল্পী জয়পুৰৰ কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক পাপু দাসে স্বাগত অভিভাষণ প্ৰদান কৰা সম্বৰ্ধনা অনুষ্ঠানটিত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমৱেত সংগীত পৰিৱেশন কৰাৰ অন্তত মূল কাৰ্যসূচীৰ মুকলি অভিভাষণ প্ৰদান কৰে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে । ইয়াৰ পিছতেই সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী আগবঢ়োৱাৰ অন্তত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু লোকবাদ্য আৰু লোকসংস্কৃতিৰ সাধক ড০ অনিল শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক সময়োপযোগী বক্তব্য দাঙি ধৰে । কৃতী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলেও নিজৰ অনুভৱ আৰু মতামত দাঙি ধৰা এই অনুষ্ঠানত অঞ্চলটোৰ বিদ্যালয়সমূহৰ মুৰব্বীসকল, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্ত, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন ছেত্ৰী, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তচেন ডেকা, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিতোপন গগৈ, সাহিত্য সম্পাদক ঋতুপন গগৈ, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক প্ৰাঞ্জল প্ৰতিম গগৈ আৰু দুৰ্লভ বড়া আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like