নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ দৌল মহোৎসৱত ৰিজু পাঠকৰ ভাগৱত পাঠে মুহিলে তিনি সহস্ৰাধিকক

বিশেষ বাৰ্তা, শুৱালকুছি, ১৯ মাৰ্চঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বস্ৰনগৰী শুৱালকুছিতো অনুস্থিদত হৈছে দৌল মহোৎসৱ ৷ শুৱালকুছিৰ অন্যতম পুৰণি ঐতিসাহিক শ্ৰীশ্ৰী ঈশ্বৰ বৰসত্ৰৰ উদ্যোগতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হোৱা দৌল মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ কালি সন্ধিয়া ভাগৱত পাঠৰ এক বিশেষ অনুষ্ঠান তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক বাৰুকৈয়ে মুগ্ধ কৰি তোলে৷ অসমৰ ভাগৱত বিশেষজ্ঞ তথা বিশিষ্ট পণ্ডিত ৰিজু পাঠকে ভাগৱত পাঠ কৰি দৌল মহোৎসৱৰ তাৎপৰ্য ভাগৱত বন্দনাৰে উপস্থিত ৰাইজৰ হৃদয়ংগম কৰিবলৈ সক্ষম হয়৷ ভগৱান শ্ৰীশ্ৰী কৃষ্ণই বসন্ত ঋতুত কিয় দৌল উৎসৱ উদযাপন কৰিছিল তাৰো এক সুন্দৰ আৰু সাৱলীল বাখ্যা দাঙি ধৰি কয় যে বৰ্তমান হোলীৰ মান মৰ্যাদা হ্ৰাস হব ধৰিছে৷ হোলীৰ অৰ্থ বুজি নোপোৱা এচামে হোলী উদযাপনৰ নামত অধিক বাহ্যিকতা প্ৰদৰ্শন আৰু অপসংস্কৃতি গঢ়ি তুলি হোলীৰ আধ্যাত্মিকতাত আঘাত হানিছে ৷ ভাগৱত বিশেষজ্ঞগৰাকীয়ে পুনৰ কয় যে হোলী হ’ল প্ৰাকৃতিক ৰঙৰে ৰঙীন হৈ মানুহৰ দেহমন পুলকিত কৰা আৰু দেহৰ চালত নতুনত্ব প্ৰদান কৰা ৷ লগতে প্ৰকৃতিয়ে সলাব বিচৰা ধৰণীখন সুন্দৰ কৰি তোলা৷ কিন্ত বৰ্তমান চীন বা অন্যদেশত বিভিন্ন কেমিকেল জাতীয় পদাৰ্থৰে সংমিশ্ৰিত ৰং দেহত সানি দেহৰ ব্যাপক ক্ষতি কৰাহে পৰিলক্ষিত হৈছে৷ ধৰ্মপ্ৰাণ ৰাইজ সজাগ আৰু সচেতন নহ’লে হোলী বা দৌল উদযাপনৰ কোনো প্ৰকৃত অৰ্থ নাথাকিব৷ ৰিজু পাঠকৰ সঙ্গীতময় ভাগৱত পাঠে উপস্থিত সকলোকে বিমল আনন্দ দিয়ে ৷ ইয়াৰ পূৰ্বে অনুস্হিত হয় আই মাত্‌ৰ নাম প্ৰসংগ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৷
You might also like