মহকুমা তথ্য আৰু জনসংযোগ বিভাগ পৰ্বতঝোৰাৰ উদ্যোগত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মদিন পালন
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : আজি পৰ্বতঝোৰা মহকুমাৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰা হয়। তদুপলক্ষে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰি দিয়া চমু বক্তব্যত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জীৱন সন্দৰ্ভত আলোকপাত কৰা হয়। উল্লেখ্য যে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জন্ম পৰ্বতঝোৰাৰ কাজিগাঁও অঞ্চলতে হৈছিল। এয়া আমাৰ বাবে সুখৰ খবৰ বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই বক্তব্যত উল্লেখ কৰে । লগতে যিগৰাকী মহান ব্যক্তিয়ে সমগ্ৰ বড়ো জাতিৰ হৈ কাম কৰি গৈছিল আৰু তেওঁক আজি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে বুলি বিষয়াজনে ভাষণত উল্লেখ কৰে । আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে তথ্য আৰু জনসংযোগ বিভাগৰ উচ্চবৰ্গৰ সহায়ক ৰাহুল নাৰ্জাৰী, নিম্নবৰ্গৰ সহায়ক ৰাহুল দেৱ ব্ৰহ্ম, টেকনিচিয়ান বাইনাৰাম ব্ৰহ্ম, চতুৰ্থবৰ্গৰ সহায়ক নলেশ্বৰ ব্ৰহ্ম; হস্ততাঁত বস্ত্ৰ বিভাগৰ অধীক্ষক ইন্দ্ৰমোহন নাথ, প্ৰদৰ্শক নাৰায়ণ বানাই কোচ; খাদ্য আৰু যোগান বিভাগৰ অধীক্ষক ধৰ্মেশ্বৰ দাস, উচ্চ বৰ্গৰ সহায়ক বিজুলী মহিলাৰী আৰু চতুৰ্থবৰ্গৰ সহায়ক মহন্ত কুমাৰ ব্ৰহ্ম আদিয়ে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী