সুব্রমণিয়ম স্বামীৰ গোচৰৰ ৰায় সংৰক্ষণ হাইক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ ইছলাম ধর্মৰ উপাসনাস্থলী মছজিদক লৈ কৰা মন্তব্যৰ বাবে ৰুজু হোৱা গোচৰ খাৰিজ কৰাৰ প্রার্থনাৰে বিজেপি নেতা সুব্রমণিয়ম স্বামীয়ে দাখিল কৰা আবেদনৰ ৰায়দান আজি সংৰক্ষিত ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ২০১৫ চনত ৰুজু হোৱা গোচৰটোৰ চূড়ান্ত শুনানি আজি অনুষ্ঠিত হয়৷ গোচৰটোৰ শুনানিত বিজেপি নেতা তথা সাংসদ স্বামীয়ে নিজে যুক্তি প্রদর্শন কৰে৷ উল্লেখ্য যে এখন ব্যক্তিগত বিশ্ববিদ্যালয়ে আয়োজন কৰা এক বত্তৃণতানুষ্ঠানত মছজিদ সন্দর্ভত বিতর্কিত মন্তব্য কৰিছিল সুব্রমণিয়ম স্বামীয়ে৷ ইয়াৰ পাছতে কৰিমগঞ্জত স্বামীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে এজন অধিবক্তাই৷ এই গোচৰটোৰ ভিত্তিতে কৰিমগঞ্জৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতত স্বামীৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া আৰম্ভ হয়৷
ইয়াৰ সমান্তৰালভাৱে বিজেপি নেতাজনে কৰিমগঞ্জৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁৰ বিৰুদ্ধে চলি থকা সমগ্র প্রক্রিয়া খাৰিজ কৰাৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ তেতিয়াৰ পৰা এই গোচৰটোৰ কেইবাটাও শুনানি অনুষ্ঠিত হয়৷ শুনানিসমূহত কি কাৰণত এই গোচৰটো খাৰিজ কৰিব লাগে, তাৰ বিভিন্ন যুক্তি আগবঢ়াইছে বিজেপি নেতা তথা জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে৷ সেইদৰে বিপক্ষয়ো গোচৰটো খাৰিজ নকৰিবলৈ বিভিন্ন যুক্তি–তর্ক প্রদান কৰে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ অহা সপ্তাহত গোচৰটোৰ ৰায়দান কৰাৰ সম্ভাৱনা আছে৷ ইপিনে গোচৰটোৰ শুনানিৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বার্তালাপ কৰি স্বামীয়ে চীনক তীব্র সমালোচনা কৰে৷ এই প্রসংগত তেওঁ কয়– ‘চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰ অধিক কঠোৰ হ’ব লাগে৷ এতিয়াও ভাৰতে চীনৰ বিৰুদ্ধে যথেষ্ট নৰম৷ মই প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এই সন্দর্ভত ব্যৱস্থা গ্রহণৰ আহ্বান জনইছোঁ৷ লাডাখৰ পৰা চীনক ওফৰাই পঠিয়াব লাগে৷ প্রধানমন্ত্রীয়ে মুকলিকৈ প্রকাশ কৰিব লাগে যে চীন এখন আক্রমণাত্মক দেশ৷’