নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰগোলাইত চতুৰ্থ ‘ৰাষ্ট্রীয় পোষণ পষেক’ৰ সফল সামৰণী অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ৪ এপ্রিলঃ আজি মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাই গাঁও পঞ্চায়ত সভাকক্ষত মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্রকল্পৰ সৌজন্যত চতুৰ্থ ৰাষ্ট্রীয় পোষণ পষেকৰ সফল সামৰণী অনুষ্ঠান অনুষ্ঠিত হয় । বৰগোলাই আৰু কুমাৰপট্টি পঞ্চায়তেৰে গঠিত কুমাৰপট্টি ছেক্টৰৰ আতিথ্যত অনুষ্ঠিত কায্যসূচী উদ্বোধন কৰে মাৰ্ঘেৰিটা মহকুমা সহকাৰী আয়ুক্ত পি পি পাত্রই । মাৰ্ঘেৰিটা সংহত শিশু উন্নয়ন প্রকল্পৰ প্রকল্প বিষয়া মঞ্জু ৰাইয়ে উদেশ্য ব্যাখ্যা কৰা সভাত আঁত ধৰে প্রকল্পৰ পৰিসংখ্যা সহায়ক নৱজ্যোতি পাটোৱাৰীয়ে। মাৰ্ঘেৰিটা মহকুমা প্রশাসনৰ সহকাৰী আয়ুক্ত প্রান্ত প্রতিম পাত্র মুখ্য অতিথি ৰূপে অংশ গ্রহণ কৰা সভাত মাৰ্ঘেৰিটা প্রকল্পৰ মুখ্য সহায়িকা বিদ্যা চুতীয়া, চম্পা নন্দী ৰয় , পপীকণা সৰকাৰ, জোহানী বাৰ্লা, মিতা দে, পোষণ অভিযানৰ মাৰ্ঘেৰিটা খণ্ড সমন্বয়ক ৰূপা ফুকন, বৰগোলাই পঞ্চায়তৰ সচীব বিশ্বজিত শৰ্মা, সাংবাদিক সমীৰণ বৰঠাকুৰ উপস্থিত থকা সজাগতা সভাত প্রকল্পটোৰ তিনি শতাধিক অংগনবাড়ী কেন্দ্রৰ কৰ্মীয়ে অংশ গ্রহণ কৰে। বৰগোলাই গাঁও পঞ্চায়ত সভানেত্রী মীৰা চুৰ্বাই পৌৰোহিত্য কৰা সভাত সমল ব্যক্তিসকলে ৰক্তহীনতাৰ কাৰণ আৰু ইয়াৰ প্রতিকাৰৰ উপায় সন্দৰ্ভত বিস্তৃত ভাবে আলোকপাত কৰে। বক্তা সকলে জনসাধাৰণক এই সন্দৰ্ভত সজাগ আৰু সচেতন কৰি তুলিবলৈ প্রতিগৰাকী অংগনৱাড়ী কৰ্মীক আহ্বান জনায় | আজিৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুষ্টিকৰ থলুৱা খাদ্য প্রতিযোগিতাৰ আয়োজন কৰা হয় । মাৰ্ঘেৰিটা প্রকল্পৰ অন্তৰ্গত এঘাৰটা চেক্টৰৰ অধিনৰ তিনিশতাধিক অংগনৱাড়ী কৰ্মীয়ে প্রস্তুত কৰা পুষ্টিকৰ খাদ্যৰ মাজত হোৱা প্রতিযোগিতাত পাৱৈ চেক্টৰ প্রথম, বৰবিল চেক্টৰ দ্বিতীয় আৰু শামুকজান চেক্টৰ তৃতীয় হয়। বিজয়ী সকলৰ মাজত ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয়।
প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like