নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ বিদ্যালয়ত হঠাৎ অসুস্থ ছাত্ৰীঃ মাছ হিষ্টেৰীয়াৰ সন্দেহ চিকিৎসকৰ

বার্তা বুৰো, ১২ মেঃ মৰিগাঁৱৰ দন্দুৱা হাইস্কুলকে ধৰি কেইবাখনো বিদ্যালয়ৰ ১৩গৰাকী ছাত্ৰী আজি হঠাত বিদ্যালয়তে অসুস্থ হৈ পৰাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে। প্ৰাপ্ত তথ্য অনুসৰি আজি দিনৰ ১০ বজাৰ পৰা এতিয়ালৈকে তিনিখন শিক্ষানুষ্ঠানৰ ১৩গৰাকী ছাত্ৰী হঠাৎ শিক্ষানুষ্ঠানতে উশাহ নিশাহত কষ্ট পোৱাৰ লগতে অচেতন হৈ পৰে। ইয়াৰ ভিতৰত মৰিগাঁৱৰ দন্দুৱা হাইস্কুলৰ ১১গৰাকী ছাত্ৰী, কেয়া জান হাইস্কুলৰ ১গৰাকী ছাত্ৰী আৰু মৰিগাঁও পলিটেকনিকৰ ১ গৰাকী ছাত্ৰী আছে। সকলো ছাত্রীকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মৰিগাঁও অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ডঃ অৰুণ নাথৰ তত্বাৱধানত ছাত্ৰীসকলৰ চিকিত্সা আগবঢ়োৱা হয়। মৰিগাঁও শ্বহীদ তিলক গুণাভি হেমৰাম চিকিৎসালয় ত মৰিগাঁও জিলাৰ দুই অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস আৰু ৰিংখাং মোচাহাৰী উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰে। আনহাতে এই ঘটনা মাছ হিষ্টেৰীয়াৰ প্ৰভাৱ বুলি প্ৰকাশ কৰিছে চিকিৎসক ডঃ অৰুণ নাথে। আনহাতে বিয়লি ভাগত আজি এগৰাকী ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like