2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত চিপ লৈ অসমৰ ছাত্রীৰ আত্মহত্যা

লকডাউনৰ মাজতে অঘটন

নিয়মীয়া বাৰ্তা ৭ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধকল্পে বলৱৎ হৈ থকা লকডাউনৰ মাজতে অঘটন৷ বাংগালুৰুত অধ্যয়নৰত এগৰাকী ছাত্রীয়ে আত্মহত্যা কৰাৰ বাতৰি পোৱা গৈছে৷ লোপামুদ্রা নেওগ নামৰ ১৯ বছৰীয়া ছাত্রীগৰাকীৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত যোৱা ৫ মে’ত উদ্ধাৰ হয় বাংগালুৰু মহানগৰীৰ কোৰামংগলা আৰক্ষী থানা এলেকাৰ থার্ড ক্রছ নামৰ এপার্টমেণ্টটোৰ ৭নং ব্লকৰ ভূমি মহলাত৷ মেনেজমেণ্ট বিষয়ত অধ্যয়নৰত ছাত্রীগৰাকীয়ে ফ্লেটটোত ভাৰাতীয়া হিচাপে আছিল৷ দিনৰ ১২.২৭ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত সংঘটিত হোৱা বুলি ধাৰণা কৰা ঘটনাটো সন্দর্ভত চুবুৰীয়াই স্থানীয় আৰক্ষীক অৱগত কৰে৷ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দোপাট্টাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে ছাত্রীগৰাকীৰ মৃতদেহ৷ প্রাথমিকভাৱে এয়া আত্মহত্যা বুলি সন্দেহ কৰি কোৰামংগলা আৰক্ষী থানাত ফৌজদাৰী বিধিৰ ১৭৪নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে৷ ছাত্রীগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে, নে এয়া হত্যাকাণ্ডহে, তাক লৈ বর্তমানেও ৰহস্য অব্যাহত আছে৷ আৰক্ষীৰ তদন্ত সম্পূর্ণ হোৱাৰ পাছতহে এই ৰহস্যৰ ওৰ পৰিব৷ ইফালে, বহিঃৰাজ্যত আত্মহননৰ পথ বাছি লোৱা লোপামুদ্রা নেওগৰ ঘৰ হৈছে লখিমপুৰ জিলাৰ বৰবালিৰ চমুৱা গাঁৱত৷ তেওঁৰ পিতৃ হেমন্ত কুমাৰ নেওগ এজন অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া৷ লকডাউনৰ পৰিপ্রেক্ষিতত ছাত্রীগৰাকীৰ মৃতদেহ অসমলৈ অনাত কিছু জটিলতাৰ উদ্ভৱ হৈছে৷ অৱশ্যে জানিব পৰা মতে, বাতৰি লিখা পর্যন্ত এই প্রক্রিয়া চলি আছে৷ দুর্ভাগ্যজনকভাৱে হেৰুওৱা কন্যাৰ মৃতদেহ গুৱাহাটীলৈ অনাৰ ক্ষেত্রত হেমন্ত কুমাৰ নেওগক প্রয়োজনীয় সহায় আগবঢ়াবলৈ কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পাক এক টুইটযোগে ইতিমধ্যে আহ্বান জনাইছে অসমৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like