নিয়মীয়া বাৰ্তা, ৮ মে’ : গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনত কর্মৰত এজন কনিষ্ঠ অভিযন্তা আৰু তেওঁৰ পত্নীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ মৃত কনিষ্ঠ অভিযন্তা আৰু তেওঁৰ পত্নীৰ নাম হৈছে সমীৰ ৰঞ্জন কুম্ভকাৰ আৰু অনিতা কুমাৰী কুম্ভকাৰ৷
প্রাপ্ত তথ্য মতে, ডিব্রুগড় জিলাৰ চাবুৱাৰ সমীৰ ৰঞ্জন কুম্ভকাৰে বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনত কনিষ্ঠ অভিযন্তা হিচাপে কর্মৰত আছিল৷ সেই সূত্রে তেওঁ বিগত ডেৰ বছৰ ধৰি পত্নী অনিতা কুমাৰী কুম্ভকাৰৰ সৈতে বিমানবন্দৰৰ সমীপৰ আজাৰাৰ ডেকাপাৰাৰ মালতী দাস নামৰ মহিলাগৰাকীৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল৷
অকলশৰে থকা মালতী দাসে বিগত দুদিন ধৰি অভিযন্তাজনৰ কোঠাত দুৱাৰ বন্ধ থকা প্রত্যক্ষ কৰি আত্মীয়–স্বজনৰ লগতে বৰঝাৰ আৰক্ষী চকীত খবৰ দিয়ে৷ পিছত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত কোঠাটোৰ দুৱাৰ ভাঙি ভিতৰত দুয়োকে মৃত অৱস্থাত প্রত্যক্ষ কৰে৷
অনিতা কুমাৰী কুম্ভকাৰৰ মৃতদেহ চিলিং ফেনত চিপ লৈ ওলমি থকাৰ বিপৰীতে সমীৰ ৰঞ্জন কুম্ভকাৰৰ মৃতদেহ কোঠাটোৰ মজিয়াত পৰি আছিল৷
আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷
উল্লেখ্য যে অতি অমায়িক স্বভাৱৰ দম্পতীটোৱে বিগত ডেৰ বছৰ ধৰি ভাৰাতীয়া হিচাপে থকাৰ লগতে স্থানীয় সকলোৰে লগত সহজভাৱেই কথা–বতৰা পাতিছিল৷ বিগত সময়ছোৱাত দুয়োৰে মাজত কোনোধৰণৰ কাজিয়া–পেছাল হোৱা নাছিল বুলি ভাৰাঘৰৰ গৰাকীয়ে আৰক্ষীক অৱগত কৰে৷ আৰক্ষীয়ে প্রাথমিক পর্যায়ত এয়া আত্মহত্যাৰ ঘটনা বুলি ধাৰণা কৰিছে যদিও তদন্তৰ পিছতহে প্রকৃত কাৰণ জানিব পৰা যাব বুলি সদৰী কৰে৷