নিয়মীয়া বাৰ্তা ১৭ জুনঃ প্রেমিকৰ অবাঞ্ছিত মৃত্যুৰ বেদনা সহিব নোৱাৰি আত্মহত্যা কৰিলে প্রেমিকাই৷ নলবাৰীত মঙলবাৰে সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে৷
মঙলবাৰে দিনৰ ১১.২০ বজাত নলবাৰী ৰে’ল ষ্টেচনৰ সমীপৰ বৰকুৰা ৰে’লগেটৰ কাষতে বন্দনা কলিতা (২০) নামৰ যুৱতীগৰাকীয়ে ৰে’লৰ আগত জঁপিয়াই আত্মহনন কৰে৷ পাছত তেওঁৰ টিকটক ভিডিঅ’ৰ পৰা নিশ্চিত হয় যে এদিন পূর্বে তেওঁৰ প্রেমিকেও আত্মহননৰ পথ বাছি লৈছিল৷
ইয়াৰ পাছতেই তীব্র মানসিকক দ্বন্দ্বত বন্দনাই জীৱনৰ এই চৰম সিদ্ধান্ত লয়৷ পিতৃ–মাতৃক উদ্দেশ্যি দিয়া টিকটক ভিডিঅ’ বন্দনাই আৱেগিকভাৱে কয়– ‘দেউতা–মা, তোমালোকক বহুত ভাল পাওঁ৷ ভাইটিক ভালকৈ পঢ়াবা৷ মৰিবলৈ ভয় লাগে৷ কিন্তু কি কৰিম? বহুত ভাল পাইছিলোঁ তাক৷’ মৃত্যুৰ প্রাকমুহূর্তত এই টিকটক ভিডিঅ’ কৰিছিল বন্দনাই৷
উল্লেখ্য যে বন্দনা আছিল স্নাতক প্রথম বর্ষৰ ছাত্রী৷ ৰে’ল আৰক্ষীয়ে জনোৱা মতে, ছাত্রীগৰাকীয়ে ০৬১১২ নম্বৰৰ উজনিমুৱা শ্রমিক বিশেষ এক্সপ্রেছৰ আগত জাঁপ দি আত্মহনন কৰে৷ ঘটনাস্থলীত নলবাৰী সদৰ আৰক্ষী, ৰে’ল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীত মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ উল্লেখ্য যে বন্দনা কলিতা হ’ল নলবাৰীৰ বৰকুৰিহা (গংগাপুখুৰী) গাঁৱৰ ৰবীন কলিতাৰ কন্যা৷