চুকাফা বঁটা সাহিত্যিক য়েছে দৰজে ঠংচিলৈ
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত প্রতিবছৰে ২ ডিচেম্বৰ দিনটো অসম দিৱস (চুকাফা দিৱস) ৰূপে উদ্যাপন কৰি অহা হৈছে৷ বিগত ২০০৪ চনৰ পৰা এই দিনটোতে ঐক্য–সংহতিৰ এখন নিটোল সমাজ গঢ়াৰ ক্ষেত্রত বৰঙণি যোগাই অহা এগৰাকী বিশিষ্ট ব্যক্তিক প্রদান কৰি অহা হৈছে চুকাফা বঁটা৷ ২০১১ চনৰ পৰা চৰকাৰে প্রতি তিনি বছৰৰ মূৰত এই বঁটা প্রদানৰ সিদ্ধান্ত লৈছে৷ ২০২০ বর্ষৰ চুকাফা বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক মনোনীত কৰা হৈছে৷ অহা ২ ডিচেম্বৰত দিনৰ ১২ বজাত ডিব্রুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঠংচিক এই বঁটা প্রদান কৰিব৷ আজি এই কথা সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হয়৷ ৰাষ্ট্রীয় পর্যায়ৰ বঁটাটোত আছে নগদ তিনি লাখ টকাৰ লগতে এখন প্রশস্তি–পত্র আৰু এখন অংগবস্ত্র৷ বঁটা প্রদান অনুষ্ঠানত খাদ্য সংসাধন কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলে, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাচা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্রধৰ গগৈ প্রমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ উল্লেখ্য যে বিশিষ্ট সাহিত্যিক ঠংচিয়ে ১৯৫২ চনৰ ১২ জুনত অৰুণাচল প্রদেশৰ পশ্চিম কামেং জিলাৰ জিগাঁৱত জন্মগ্রহণ কৰে৷ ছাত্র অৱস্থাৰ পৰাই কাব্য আৰু প্রবন্ধ আদি ৰচনাত মনোনিৱেশ কৰা ঠংচিৰ কবিতা জোনবাই, ৰ’দালি, জনমভূমি আদিত প্রকাশ পাইছিল৷ তেওঁৰ প্রথমখন উপন্যাস ‘চনম’ ১৯৭৫–৭৬ চনত সাহিত্য আলোচনী মনোৰঞ্জনত প্রকাশ পাইছিল৷ তেওঁৰ সাহিত্য–কৃতি উল্লেখযোগ্য গ্রন্থসমূহ হৈছে– চনম, মৌন ওঁঠ মুখৰ হূদয়, শৱ কটা মানুহ, বিহ কন্যাৰ দেশত, মই আকৌ জনম ল’ম, মিচিং, পাপৰ পুখুৰী, বাঁহ ফুলৰ গোন্ধ, অন্য এখন প্রতিযোগিতা, কামেং সীমান্তৰ সাধু আদি৷ ‘মৌন ওঁঠ মুখৰ হূদয়’ উপন্যাসখনে ২০০৫ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে৷ গ্রন্থখন ইংৰাজী, হিন্দী, বাংলা, বড়ো আৰু নেপালী ভাষালৈ অনূদিত হোৱাৰ লগতে গ্রন্থখনৰ কাহিনীৰে কথাছবিও নির্মাণ হৈছে৷ ‘চনম’ নামৰ উপন্যাসখনৰ আধাৰত নির্মিত কথাছবিখনে ৰাষ্ট্রপতিৰ ৰজত কমল বঁটাৰ লগতে বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ এইখনৰ উপৰি তেওঁৰ আন কেইবাখনো উপন্যাস ইংৰাজী আৰু হিন্দী ভাষালৈ অনূদিত হোৱাৰ লগতে নাটক ৰূপেও মঞ্চস্থ হৈছে৷ ‘মিচিং’ নামৰ উপন্যাসখনৰ আধাৰত নির্মাণ হোৱা চলচ্চিত্রখন কলকাতা আৰু ত্রিবান্দ্রম চলচ্চিত্র মহোৎৱত প্রদর্শিত হোৱাৰ লগতে ‘বাঁহ ফুলৰ গোন্ধ’ গ্রন্থখনৰ আধাৰতো কথাছবি নির্মাণ কৰা হৈছে৷ ‘দ্য চ’ লজাৰ’, ‘বোদ্ধিচার্যৱতাৰ’ আৰু ‘প্রতিবাদমুক্ত জীৱন’ সাহিত্যিকগৰাকীয়ে অনুবাদ কৰা গ্রন্থ৷ জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০২০ চনত পদ্মশ্রী বঁটাৰে সন্মানিত কৰে৷ ইয়াৰ উপৰি সাহিত্যিকগৰাকীয়ে ফুলচান্দ খাণ্ডেলৱাল সংহতি সাহিত্য বঁটা, অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণু ৰাভা বঁটা, বাসুদেৱ জালান সাহিত্য বঁটা, ড০ ময়দুল ইছলাম সাহিত্য বঁটা, অসম–ৰুণাচল ভূপেন হাজৰিকা সমন্বয় বঁটা, ড০ ভূপেন হাজৰিকা ৰাষ্ট্রীয় বঁটা, অসম উপত্যকা সাহিত্য বঁটা আদিৰে সন্মানিত হৈছে৷ আনহাতে, ভাৰতীয় প্রশাসনিক সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া ঠংচিয়ে অৰুণাচল প্রদেশৰ পাঁচখন জিলাৰ উপায়ুক্ত পদৰ লগতে কেইবাটাও বিভাগৰ গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰিছিল৷