নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ক’ভিডত আক্রান্ত ৩৩৬জন; গুৱাহাটীত ৮৭ পজিটিভ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ দেওবাৰে ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৩৩৬জন লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ৮৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটৰ ২২জন, কামৰূপৰ ১৬জন আৰু নলবাৰীৰ ১৬জন লোক ক’ভিডত আক্রান্ত হৈছে৷

ইফালে, দেওবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৫৩৯জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৬,৬৬৪জন৷ বিগত ২৪ ঘণ্টাত মুঠ ৩৫,৫৮০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৯৪ শতাংশ৷

ইফালে ক’ভিডত দেওবাৰে প্রাণ হেৰুৱাইছে ১০জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত দুজন গোলাঘাটৰ৷ দৰং, ডিব্রুগড়, ডিমা হাছাও, গোৱালপাৰা, কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ আৰু তিনিচুকীয়াৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ অসমত বর্তমানলৈ ক’ভিড ভেকচিন প্রদান কৰা হৈছে ১,৫৫,৪২,২৮১জন লোকক৷

You might also like