বার্মিজ চুপাৰি সৰবৰাহত জড়িত বিজেপি নেতাঃ কাছাৰত গ্রেপ্তাৰ কিষাণ মর্চাৰ সাধাৰণ সম্পাদক প্রবীৰ পাল
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ চোৰাং বার্মিজ চুপাৰি সৰবৰাহত জড়িত শাসকীয় বিজেপিৰ নেতাও গ্রেপ্তাৰ হ’ল বৰাকত৷ কাছাৰত চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে অপাৰেচন অল আউট চলি থকাৰ সময়তে নতুন কৌশলেৰে মিজোৰামৰ পৰা এটা চক্রই কৰি থকা বার্মিজ চুপাৰি সৰবৰাহৰ সময়তে লায়লাপুৰত আৰক্ষীয়ে জব্দ কৰে এখন বার্মিজ চুপাৰিভর্তি ট্ৰাক৷ জব্দকৃত ট্ৰাকখনত ১০ মেট্রিকটন বার্মিজ চুপাৰি উদ্ধাৰ হয়৷ এই চোৰাং সৰবৰাহৰ সৈতে জড়িত থকা তিনিজন যুৱককো আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷
আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা যুৱককেইজন হ’ল– গুৱাহাটীৰ প্রবীৰ পাল, হোজাহৰ সুব্রত দে’ আৰু কাছাৰ জিলাৰ জয়পুৰৰ ছোনাম উদ্দিন খান৷ ধৃত তিনিজনৰ ভিতৰত প্রবীৰ পাল নামৰ যুৱকজনে নিজক শাসকীয় ভাৰতীয় জনতা পার্টীৰ সক্রিয় সদস্য বুলি পৰিচয় দিয়ে৷ গুৱাহাটী মহানগৰীৰ বিজেপিৰ কিষাণ মর্চাৰ সাধাৰণ সম্পাদক পদত কার্যনির্বাহ কৰি থকা বুলি উল্লেখ কৰে প্রবীৰ পালে৷ জব্দকৃত ট্রাকখনৰ নম্বৰ এ এছ–০১ এ চি–৪১৮৯৷ গ্রেপ্তাৰ কৰা সৰবৰাহীকেইজনক কাছাৰৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তেওঁলোকক শিলচৰৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে৷
উল্লেখ্য যে মিজোৰামৰ এগৰাকী ব্যক্তিৰ নামত আমদানিৰ কাগজ দেখুৱাহ চুপাৰি সৰবৰাহ কৰিবলৈ চক্রটোৱে চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷