নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন, ৰঙাঘৰলৈ গোসাঁইগাঁও কলেজৰ প্ৰবক্তা জয়নাল

নিয়মীয়া বাৰ্তা, ১৬ মে’ : পেহেলগামৰ ঘটনাক লৈ ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা অস্থিৰ অৱস্থাৰ সময়ত ভাৰতত থাকি পাকিস্তানৰ সমৰ্থন কৰা একাংশ লোকক আৰক্ষীয়ে আটক কৰাৰ সময়তে গোসাইগাঁৱতো সামাজিক মাধ্যমত পাকিস্থানৰ সমৰ্থনৰ পোষ্ট কৰা এগৰাকী প্ৰবক্তাক আৰক্ষীয়ে আটক কৰিছে।

জানিব পৰা মতে, গোসাঁইগাঁও মহাবিদ্যালয়ৰ বহু বিতৰ্কিত অধ্যাপক জয়নাল আবেদিন সামাজিক মাধ্যমত শত্ৰু দেশৰ সমৰ্থন উল্লেখ কৰি এটা পোষ্ট  কৰিছিল।  জয়নাল আবেদিনৰ পোষ্টৰ আত ধৰি অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইমৰ চকুত পৰে আৰু বৃহস্পতিবাৰ বিয়লি তেৱঁক আৰক্ষীয়ে আটক কৰে।

আজি আৰক্ষীয়ে প্ৰবক্তাজনক ন্যায়িক দন্ডাধিশৰ আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰিছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি গোসাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে দুষ্ট তথা লম্পত চৰিত্ৰৰ বহু বিতৰ্কিত প্ৰবক্তা জয়নাল আবেদিনে ইয়াৰ পূৰ্বে মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক ফোনযোগে অশ্লীল প্ৰস্তাব প্ৰদান কৰি জেল হাজোত খাটি অহাৰ উপৰি চাকৰিৰ পৰা নিলম্বীত হৈ আছিল যদিও পুনৰ ৰাষ্ট্ৰীয় বিৰোধী কাৰ্য্যকলাপৰ লগত জৰিত হৈ পৰাত সম্প্ৰতি গোসাঁইগাঁৱত এক বিৰুপ পৰা পৰিলক্ষিত হয় ৷

প্ৰেৰক ৰুবুল পাঠক

You might also like