এনআৰচিৰ সমন্বয়কৰ নির্দেশনাৰ ন্যায়িক বৈধতা চালি–জাৰি চাব ছুপ্রিম ক’র্টে
হিতেশ দেৱশর্মাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ খাৰিজ
নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশর্মাই শেহতীয়াকৈ দিয়া নির্দেশনাৰ ন্যায়িক তথা আইনী বৈধতা চালিজাৰি চাব উচ্চতম ন্যায়ালয়ে৷ অৱশ্যে শর্মাৰ বিৰুদ্ধে থকা আদালত অৱমাননাৰ গোচৰ খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ পৰিৱর্তে জমিয়ত উলেমা–ই–হিন্দে ৰুজু কৰা আদালত অৱমাননাৰ আবেদনখন (৬৩৪/২০২০) সংশোধন কৰিবলৈ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠে নির্দেশ প্রদান কৰে৷ উল্লেখ্য যে যোৱা বছৰ ১৩ অক্টোবৰত এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশর্মাই জাননী জাৰি কৰি ৰাজ্যৰ জিলা পঞ্জীয়কসকলক নাগৰিকপঞ্জীৰ তালিকাৰ পৰা বিদেশী ঘোষিত নাগৰিকসকলৰ নাম কর্তন কৰাৰ নির্দেশ দিছিল৷ লগতে সন্দেহযুক্ত নাগৰিক (ডি–ভোটাৰ) আৰু বিদেশী ট্ৰিবিউনেলত যিসকলৰ গোচৰ চলি আছে, সেইসকল লোকৰ নামো নাগৰিকপঞ্জীৰ পৰা কর্তন কৰাৰ নির্দেশ দিছিল৷ ন্যায়ালয়ত জমিয়তৰ বক্তব্য– উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণ তথা তত্ত্বাৱধানত অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে৷ তেনে ক্ষেত্রত এনআৰচিৰ সমন্বয়কে ন্যায়ালয়ৰ অনুমোদন নোলোৱাকৈ উক্ত নির্দেশনা কেনেকৈ জাৰি কৰিব পাৰে? জমিয়তৰ মতে হিতেশ দেৱশর্মাৰ এই কার্যকলাপ আদালত অৱমাননাস্বৰূপ৷ পিছে মুখ্য ন্যায়াধীশ বোবডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্রমণিয়নৰ বিচাৰপীঠে যোৱা বুধবাৰে গ্রহণ কৰা শুনানিত জমিয়তৰ এই আবেদন খাৰিজ কৰি কেৱল এনআৰচিৰ সমন্বয়কজনে জাৰি কৰা নির্দেশনা কিমান যুক্তিসংগত তথা আইনী আৰু ন্যায়িক দৃষ্টিকোণৰ পৰা বৈধ হয় নে নহয়, সেয়া চালিজাৰি চাবলৈ মান্তি হয়৷ এইক্ষেত্রত ন্যায়ালয়ে জমিয়তে কৰা আবেদনখন সংশোধন কৰিবলৈ নির্দেশ প্রদান কৰে৷ অহা সপ্তাহত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে জমিয়তৰ সংশোধিত আবেদনৰ শুনানি গ্রহণ কৰিব৷