নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত দাসৰ কাব্যগ্ৰন্থ “মাজুলীয়াল” উন্মোচন

নিয়মীয়া বাৰ্তা, ৩০ জুলাই : মানৱীয়তা- এক অক্লান্ত যাত্ৰাৰ সৌজন্যত কবি সুশান্ত দাসৰ কাব্যগ্ৰন্থ ‘মাজুলীয়াল’ যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। উল্লেখ্য যে বৰ্তমান যোৰহাট নিবাসী তথা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী কবি সুশান্ত দাসে গ্ৰামাঞ্চলৰ পথাৰৰ পলস আৰু পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ব, কৰ্তব্য, সমাজৰ সঠিকজনৰ প্ৰতি সন্মান, সামাজিক অনুষ্ঠানৰ প্ৰতি আদৰ, দৰিদ্ৰৰ প্ৰতি সহানুভূতি আদিক সামৰি সত্ৰনগৰী মাজুলীৰ সঁচা পটভূমিক লৈ ৰচনা কৰা প্ৰথমখন কাব্য সংকলন “মাজুলীয়াল” আনুষ্ঠানিকভাৱে উন্মোচন কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি অধীক্ষকগৰাকীয়ে ভাষণত চিকিৎসা মহাবিদ্যালয়ৰ দায়িত্ব-কৰ্তব্য নিষ্ঠাৰে পালন কৰি অহাৰ মাজতো এখন কাব্যগ্ৰন্থ প্ৰকাশ কৰি সাহিত্য ভঁৰাললৈ অৱদান আগবঢ়োৱাত কবি সুশান্ত দাসক কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে টিংটিঙীয়া আৰু ভূৰাকলা ঔগাঁৱৰ গাঁওবুঢ়া অঘনা দাসৰ নেতৃত্বত মায়ামৰা সমাজৰ ভক্তবৃন্দৰ গায়ন-বায়নে আদৰণি জনোৱা উন্মোচনী অনুষ্ঠানত এগছি বন্তি প্ৰজ্বলন কৰি গুৰুবন্দনাৰে কাব্য সাহিত্যৰ ওপৰত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় দিহাগুৰু যতীন্দ্ৰ বৰাই। কাব্যশ্ৰী লোকেন্দ্ৰ দাসে অমৃত বাণী প্ৰদান কৰা অনুষ্ঠানত গুৰু আসন অলংকৃত কৰে এলেঙি বাঁহজেঙনি পুৰণি সত্ৰৰ অধিকাৰ ড° জগন্নাথ দেৱমহন্ত আৰু মায়ামৰা পুৰণি মাটি সত্ৰৰ অধিকাৰ ৰমানন্দদেৱ গোস্বামীয়ে। কবি, সামাজিক তথা সাংস্কৃতিক কৰ্মী কুমুদ দাসে আঁত ধৰা আৰু অনাতাঁৰ ঘোষিকা মেঘালী দেৱীয়ে মংগলাচৰণ পৰিৱেশন কৰা সভাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ৰমে জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী, ডি এছ পি কিৰণ চন্দ্ৰ নাথ, প্ৰাক্তন অধ্যাপক ড° ইন্দ্ৰেশ্বৰ দাস, বিশিষ্ট লেখক গোবিন খাউণ্ড, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ মাইনাক ৰয়, মায়ামৰা সাংস্কৃতিক সমাজৰ উপ-সভাপতি মহেন্দ্ৰ হাজৰিকা, সাংস্কৃতিক সমাজৰ সভাপতি তথা লেখক দিলীপ দাস, অমৃতৰাজ ভৰদ্বাজ, সমাজসেৱী হৰেশ্বৰী দাস, কণ্ঠশিল্পী মৃণালিনী গোস্বামী, অনাতাঁৰ শিল্পী প্ৰণৱ দাস, এ এছ আই মন্টু কুমাৰ দাস, সুশান্ত দাসৰ পিতৃ গোবিন্দ দাস, মাতৃ লক্ষীতা দাস, পত্নী তথা চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী তৃষ্ণা চুতীয়া প্ৰমুখ্যে বহুসংখ্যক বিশিষ্ট ব্যক্তি, সাহিত্যপ্ৰেমীয়ে অংশগ্ৰহণ কৰি ন-কবিগৰাকীৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। অনুস্থানত বৰগীত পৰিৱেশন কৰে শিল্পী ৰশ্মী দাসে। শেষত সত্ৰাধিকাৰদ্বয়ে মাজুলীৰ সু-সন্তান সুশান্ত দাসক আশিস প্ৰদানেৰে অনুষ্ঠানৰ সামৰণি পৰে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like