নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়াত অভিনেতা সুশান্তৰে নৈশ ভোজত অংশ লৈছিল বিহালীৰ জোৱান প্রেম কুমাৰে

নিয়মীয়া বাৰ্তা ৪ জুলাইঃ ‘জয় জোৱান চি আৰ পি এফ ছবিখনৰ কথা কোৱাৰ আগতে উভতি যাব লাগিব ২০১৭ চনৰ জি টিভি চেনেলৰ জনপ্রিয় ধাৰাবাহিক ‘পবিত্র ৰিষ্টা’লৈ৷ মৰম লগা অবয়বৰ অমায়িক যুৱক, যিজনে মাতৃপ্রেম আৰু পত্নী প্রেমৰ মাজত পৰিয়ালৰ কাক ধৰিম কাক এৰিম ধৰণৰ দোমোজাত থকাৰ সুন্দৰ চৰিত্র এটিৰ অভিনয়ৰ জৰিয়তে সকলোৰে হূদয় জয় কৰিছিল৷ মানৱ অর্থাৎ সুশান্ত সিং ৰাজপুত নামৰ এজন সুদর্শন যুৱকৰ কথাৰ আধাৰত ধাৰাবাহিকখনৰ মানৱৰ জৰিয়তে সুশান্ত সিং ‘মানৱ’ ইমানেই জনপ্রিয় হৈ উঠিছিল যে কি পুৰুষ, কি মহিলা সকলোৱে তেওঁক এবাৰ চুই চোৱাৰ বাবে কাষত পোৱাৰ দুর্বাৰ হেঁপাহ সকলোৰে মনত জাগি উঠিছিল আৰু সেই তেনে এক সন্ধিক্ষণত সুশান্ত সিং ৰাজপুত মণিপুৰ–ইম্ফলত এখন দুকুমেণ্টৰী কথাছবি ‘জয় জোৱান চি আৰ পি এফ’ৰ শ্বুটিঙৰ বাবে চি আৰ পি এফ ৬৯ ৰেজিমেণ্টৰ শিবিৰত গৈ উঠেগৈ, যিয়ে নেকি ৰেজিমেণ্টটোত সকলোকে আনন্দিত কৰি দিশহাৰা কৰি তোলে৷ দুদিন থাকি তাত সুশান্ত সিঙে বহিঃদৃশ্য গ্রহণৰ শ্বুটিঙত ভাগ লয়৷ সৌভাগ্যক্রমে সেই চি আৰ পি এফ ৬৯ ৰেজিমেণ্টত বিশ্বনাথৰ বিহালী গেলাপুখুৰীৰ ১৯৬৩ চনত ৰাষ্ট্রপতি কৃতী শিক্ষকৰ বঁটা সর্বপল্লী ৰাধাকৃষ্ণনৰ পৰা গ্রহণ কৰা প্রয়াত গোবিন্দ উপাধ্যায় আৰু গীতা দেৱীৰ সুযোগ্য সন্তান প্রেম কুমাৰ উপাধ্যায় আছিল৷ এই প্রতিবেদকে সুশান্ত সিং ৰাজপুতৰে লাভ কৰা সান্নিধ্যৰ উপলিব্ধৰ কথা জানিব বিচৰাত প্রথমে তেনে এজন জনপ্রিয় বলিষ্ঠ অভিনেতা পৃথিৱীৰ পৰা নাই বুলিয়েই নাইকিয়া হৈ যোৱাত গভীৰ শোক ব্যক্ত কৰে৷ কিয়নো অতি ভদ্র আৰু শান্ত স্বভাৱৰ সুশান্ত সিঙৰ লগত একেলগে সকলোৱে মিলি আহাৰ গ্রহণ কৰাই নহয়, বহু সময় ভাব বিনিময় কৰি ৰেজিমেণ্টৰ সকলোৱে যেন নিজকে নিজকে ধন্য মানিছিল৷ সুশান্ত সিঙৰ কথাৰ উদ্ধৃতিৰে তেওঁ কয়, ‘তেওঁ বোলে ইম্ফলৰ প্রেমত পৰিছে৷ তেওঁ বহুবাৰ ইম্ফললৈ আহিছে আৰু ইম্ফলতে তেওঁ মার্চিয়েল আর্টৰ প্রশিক্ষণো গ্রহণ কৰিছে৷ সুশান্ত সিঙৰ যিদিনা মৃত্যু হোৱা বুলি বাতৰি আহে, ইম্ফলৰ চি আৰ পি এফ ৬৯ ৰেজিমেণ্টৰ সকলোকে অতি মর্মাহত কৰি তোলে৷ প্রেম কুমাৰে কোৱা মতে,বহুতে সিদিনা আহাৰ গ্রহণ কৰাৰ পৰাও বিৰত থাকে৷

You might also like