ৰঙিয়াৰ ঢোলকুছিত চাঞ্চল্যঃ পিতৃক হত্যা কৰি পুঠিমাৰী নৈত পেলাই দিয়াৰ সন্দেহ ৰাইজৰ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ৰঙিয়া আৰু তামুলপুৰৰ সীমান্তৱৰ্তী ঢোলকুছিত চাঞ্চল্যকৰ ঘটনা । পিতৃক হত্যা কৰি পুঠিমাৰী নৈত পেলাই দিয়াৰ সন্দেহত ৰাইজে আৱদ্ধ কৰে এজন যুৱকক । যুৱকজনৰ নাম আচফাক উল্লাহ খান । ঘৰ ৰঙিয়াৰ তিনিআলিত । এখন স্কুটিৰে ঢোলকুছিলৈ লৈ গৈছিল নিজ পিতৃ আলী আকবৰ খানক ।ঢোলকুছিৰ মথাউৰিৰ ওপৰত আচফাক উল্লা খানে পিতৃক ডিঙি চেপি হত্যা কৰি পুঠিমাৰি নৈত পেলাই দিয়াৰ সন্দেহ ৰাইজৰ । এইলৈ ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে কিছু সময় পিছতে আচফাকৰ পিতৃৰ মৃতদেহ উদ্ধাৰ হয় পুঠিমাৰী নৈত । অভিযুক্ত আচফাকৰ দুই ভাতৃয়ে পুঠিমাৰী নৈত বিচাৰি উদ্ধাৰ কৰে পিতৃৰ মৃতদেহ । আনহাতে অভিযুক্ত আচফাকক লৈ যোৱাত আৰক্ষীক বাধা প্ৰদান কৰে স্থানীয় ৰাইজে । পথত ডাঙৰ গছ বগৰাই আৰক্ষীক বাধা প্ৰদান কৰে । সহস্ৰাধীক ৰাইজে কৰে পথ অৱৰোধ ।ঘটনাস্থলীত উদ্ধাৰ হয় প্ৰায় ডেৰ লাখ টকা , চেন্দেল, চছমা,আৰু বেংকৰ পাছবুক । ৰঙিয়া নগৰৰ তিনিআলিৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা আছিল মৃত আলী আকবৰ খান । এজন পুত্ৰই নিজ পিতৃক এনেদৰে হত্যা কৰি নদীত পেলাই দিয়া ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । অভিযুক্তই সম্পত্তিৰ বাবে নিজ পিতৃক হত্যা কৰাৰ সন্দেহ একাংশ লোকৰ ।
প্ৰেৰক ফাৰুক হুছেইন