নিয়মীয়া বাৰ্তা, বকো, ২৩ এপ্ৰিলঃ সাত বিহুৰ দিনা মহা মিলনৰ তীৰ্থভূমিত পৰিণত হ’ল দক্ষিণ কামৰূপৰ বকোৰ ঐতিহ্যমণ্ডিত সুঁৱৰি উৎসৱস্থলী। আন আন বছৰৰ দৰে এইবেলিও দিনজোৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে উদযাপন কৰে ১১০ সংখ্যক সুঁৱৰি উৎসৱ। এই ঐতিহ্যমণ্ডিত সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা। সুঁৱৰি উৎসৱত ঘোঁৰা দৌৰ, মহিলাৰ ৰচী টনা, তেলগছ বগোৱা, ধামা কোবোৱা, মুৰত কহল লৈ দৌৰা,পুৰুষ আৰু মহিলাৰ দৌৰ প্ৰতিযোগিতাৰ উপৰিও বিহু নৃত্য, মিচিং বিহু, বড়ো কৃষ্টি, বড়োসকলৰ বুঢ়া-বুঢ়ীৰ নাচ, ৰাভা কৃষ্টি, কোচ নৃত্য, নেপালী নৃত্য, ৱাংগালা নৃত্য, ওজাপালি, বৰ ঢুলীয়া নৃত্য, জেৰ-জেৰায়া নৃত্য, বহুৰঙী, ঘোষা নাম, আয়তী নাম, আদি বিভিন্ন ধৰ্মীয় কলা-কৃষ্টি প্ৰদৰ্শিত কৰা হয়। তাৰোপৰি সুঁৱৰি উৎসৱস্থলীত শ্ৰী শ্ৰী বুঢ়া গোঁসাই, শ্যামৰায় গোঁহাই, ৰুক্মিণী গোঁসাই, মহিমা গোঁসাইকে ধৰি পাঁচগৰাকী গোঁসাইৰ বিগ্ৰহসমূহ উপস্থাপন কৰি ভক্তপ্ৰাণ ৰাইজে বছৰটো কুশলে যাবলৈ আৰ্শীবাদ গ্ৰহণ কৰে।