নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ বোকাখাটৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯.২২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ১০০খন বিচনাযুক্ত চিকিৎসালয়খনে গোলাঘাটৰ চিকিৎসা আন্তঃগাঁথনি নিশ্চিতভাৱে বৃদ্ধি কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে মন্ত্ৰী শ্ৰীযুত অতুল বৰা শ্ৰীযুত পীযুষ হাজৰিকা, সাংসদ শ্ৰীযুত পল্লৱলোচন দাস আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।