নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত বিৰোধীশূন্য পাৰিষদঃ ঢকুৱাখনা পৌৰসভাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ঢকুৱাখনা প্ৰথমখন পৌৰসভা নিৰ্বাচিত সমিতিয়ে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰাৰ লগতে কাৰ্যভাৰ গ্ৰহণ কৰে। ১০ টা ৱাৰ্ড বিশিষ্ট ঢকুৱাখনা পৌৰ সভাখনৰ প্ৰথমখন পৌৰ সমিতিৰ নিৰ্বাচিত ১০ গৰাকী পৌৰআয়ুক্ত আৰু এগৰাকী পদেন সদস্যই শপত বাক্য পাঠ কৰি বিধিগতভাবে পৌৰ সভাৰ দায়িত্ব গ্ৰহণ কৰে । এই উদ্দেশ্যেৰে আজি ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় এখন শপত গ্ৰহণ অনুষ্ঠান। ঢকুৱাখনাৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰাই আত ধৰা ঢকুৱাখনাৰ বিধায়ক নব কুমাৰ দলেৰ উপস্থিতিত অনুষ্ঠিত শপত গ্ৰহণ অনুস্থানত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , কোষাধ্যক্ষ সঞ্জীৱ গগৈৰ লগতে গেৰুৱা দলৰ নেতা কৰ্মী সকল, পৌৰ এলেকাৰ বিশিষ্ট নাগৰিক সমাজ, বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী, চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগতে পৌৰ সভাৰ সমূহ বিষয়া কৰ্মচাৰীৰ উপস্থিতি থাকে ৷ পৌৰসভা কাৰ্যালয়ৰ তৰফৰ পৰা নৱনিৰ্বাচিত পৌৰ আয়ুক্ত সকলক ফুলাম গামোচাৰে আদৰণি জনাই মঞ্চত উপবিষ্ট কৰাৰ পাছতে শপত বাক্য পাঠ কৰাই ঢকুৱাখনাৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অৰিন্দম বৰুৱাই ৷ ঢকুৱাখনা পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰপতি উপ-পৌৰপতি পদেন সদস্য আয়ুক্ত আদিক শপতনামা পাঠ আৰু স্বাক্ষৰ কৰাৰ পৰৱৰ্তী সময়ত মুখ্য কাৰ্যবাহী বিষয়া অভিজাত বৰুৱাই ৷ আজি ঢকুৱাখনা প্ৰথমখন পৌৰ সভাত শপতনামা পাঠ কৰি দায়িত্ব ভাৰ গ্ৰহণ কৰা পৌৰ আয়ুক্তসকল ক্ৰমে ১নং ৱাৰ্ডৰ আয়ুক্ত বগেন কোঁৱৰ ,২নং ৱাৰ্ডৰ গুনলতা কুটুম লাগাচু, ৩নং ৱাৰ্ডৰ সংগীতা বৰুৱা, ৪নং ৱাৰ্ডৰ মাণিক বৰুৱা, ৫নং ৱাৰ্ডৰ তিলেন দাস, ৬নং ৱাৰ্ডৰ স্বৰূপ কোঁৱৰ, ৭নং ৱাৰ্ডৰ চন্দ্ৰমা গগৈ , ৮নং ৱাৰ্ডৰ দিপালি দাস, ৯নং ৱাৰ্ডৰ অপৰূপা দিহিঙীয়া দত্ত ১০নং ৱাৰ্ডৰ ৰাজীৱ দাস আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেক পৌৰ সভাৰ পদেন সদস্য হিচাপে ক্ৰমানুসৰি শপত নামাত স্বাক্ষৰ কৰায় ৷ ইয়াৰ পাছতে নৱনিৰ্বাচিত আয়ুক্তসকলে এখন বৈঠকত মিলিত হৈ বিধায়ক নৱ দলে ,মুখ্য কাৰ্যবাহী বিষয়া অভিজাত বৰা আদি উপস্থিতিত পৌৰ আয়ুক্তসকলে চৰকাৰী সংৰক্ষণ নীতিৰ আধাৰত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পৌৰপতি পদৰ বাবে ১০ নং ৱাৰ্ডৰ পৌৰ আয়ুক্ত ৰাজীৱ দাসৰ নাম আৰু উপ পৌৰপতি পদৰ বাবে ৭ নং ৱাৰ্ডৰ চন্দ্ৰমা গগৈৰ নাম সৰ্বসন্মতি ক্ৰমে ঘোষণা কৰে । প্ৰথম বাৰৰ বাবে পৌৰ সভাৰ দায়িত্ব গ্ৰহণ কৰি নিৰ্বাচিত পৌৰ আয়ুক্ত সকলে অনাগত কাৰ্যকালত বিভিন্ন অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত পৌৰ এলেকাৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে জন প্ৰতিনিধিত্বৰ শক্তি প্ৰয়োগ কৰি যাব বুলি নিশ্চয়তা প্ৰদান কৰে । উল্লেখ্য যে ১০টা ৱাৰ্ডেৰে গঠিত ঢকুৱাখনা পৌৰসভাৰ প্ৰথমখন পৌৰ সমিতি গেৰুৱা দলটোৱে দখল কৰি বিৰোধী শূণ্য পাৰিষদ গঠন কৰিবলৈ সক্ষম হয়।

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

You might also like