নিয়মীয়া বাৰ্তা,বইটামাৰী, ২২,এপ্ৰিলঃ স্বা ধীনতাৰ ৭৫ বছৰ পিছতো চৰকাৰী বিশেষ কোনো আঁচনিয়ে ঢুকি পোৱা নাই বঙাইগাওঁ জিলাৰ এটি অঞ্চলক। জিলাখনৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ দক্ষিণ বইটামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢাকানাবাৰী নয়াপাৰা আদৰ্শ গাঁওখন আজিও অৱহেলিত। ঢাকানাবাৰীৰ এই চুবুৰীটোত শতাধিক পৰিয়ালে বাস কৰে। শিক্ষা-দীক্ষা, যাতায়ত-যোগাযোগ তথা আৰ্থ-সামাজিক দিশত যথেষ্ট পিছপৰা এই অঞ্চলটোৰ লোকসকল। প্ৰতিখন চৰকাৰে জনহিতাৰ্থে বহু আঁচনি লয় যদিও বেছিভাগ আঁচনিৰে সুফল পোৱা নাই অঞ্চলটোৰ অধিকাংশ লোকে। ফলত বহু কষ্টৰে জীৱন-নিৰ্বাহ কৰি আছে লোকসকলে। আৰ্থিক অনাটন তথা পৰিয়ালক ভৰণ-পোষণ দিয়াৰ বাবে বহু কিশোৰ-যুৱকে শিক্ষা লাভৰ সপোন সামৰি আধাতে পঢ়া-শুনা এৰি বিভিন্ন ক্ষেত্ৰত শ্ৰমিক হিচাপে নিয়োজিত হ’ব লগা হৈছে। অঞ্চলটোৰ বহু লোকৰ থাকিবলৈ ভাল গৃহ নাই। ভগা-ছিগা জৰাজীৰ্ণ পঁজাত বাস কৰে বহু লোকে। বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিও চৰকাৰী গৃহ পোৱা নাই বহু লোকে। আন আঁচনি সমূহৰো সুবিধা পোৱা নাই অধিকাংশই। বিশেষকৈ পঞ্চায়তীৰাজ ব্যৱস্থাৰ পৰা উপকৃত হোৱা নাই অঞ্চলবাসী। চুবুৰীটোৰ প্ৰতিটো পথেই জৰাজীৰ্ণ। বাৰিষা বোকা-পানীয়ে কদৰ্যময় ৰূপ লৈছে চুবুৰীটোত। আশ্চৰ্যজনক কথাটো হ’ল- বৃহৎ অঞ্চলটিত এছোৱা ১০০ মিটাৰ মান দৈৰ্ঘ্যৰ চি চি ব্লকৰ বাদে আন কোনো চি চি ব্লক বা পকী পথ নাই। দক্ষিণ বইটামাৰী গাওঁ পঞ্চায়তৰ কোনো এটা কাৰ্যকালতেই জনপ্ৰতিনিধিসকলে অঞ্চলটোৰ কোনো এটা পথত চি চি ব্লক নিৰ্মান নকৰিলে। পানী ওলাই যোৱাৰ নলা বা কালভাৰ্ট আদিৰো সুব্যৱস্থা নাই। চুবুৰীটোৰ লোকসকলৰ অধিকাংশই শিক্ষা-দীক্ষাত পিছপৰা বাবেই যেন লোকসকলক উন্নয়নৰ ক্ষেত্ৰত চৰম প্ৰতাৰণা কৰি আহিছে পঞ্চায়তে। ইফালে স্থানীয় বিধায়ক সকলে অঞ্চলটোৰ উন্নয়নত কোনো গুৰুত্ব নিদিয়ে। লোকসকলৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ কোনো পদক্ষেপ লোৱা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই। চুবুৰীটোত এটা অংগনৱাড়ী কেন্দ্ৰ আৰু এখন প্ৰাথমিক বিদ্যালয় আছে যদিও আজি বহু বছৰ আগৰে পৰা অংগনৱাড়ী কেন্দ্ৰটো জহি-খহি গৈ জৰাজীৰ্ণ ৰূপ লৈছে যদিও সমাজ কল্যাণ বিভাগৰ কোনো গুৰুত্ব নাই। আন চৰকাৰী বিভাগ সমূহৰ পৰাও সুফল পোৱা নাই অধিকাংশ জনতাই। কৃষি বিভাগৰ সুবিধাসমূহো প্ৰকৃত কৃষকে নোপোৱা বুলি অভিযোগ ।ইফালে গাঁও খনৰ সমীপৰে বৈ গৈছে টুনীয়া নৈ। এই নৈখনে ঢাকানাবাৰী গাঁও খনত বিগত প্ৰায় কুৰি বছৰ ধৰি বাৰিষাৰে পৰা আৰম্ভ কৰি খৰালিলৈকে ব্যাপকভাৱে গৰাখহনীয়া চলাই আছে। ফলস্বৰূপে গাঁও খনৰ পশ্চিম ফালৰ অংটো কেতিয়াবাই নৈৰ বুকুত উচন যায়। আনফালে, টুনীয়া নৈ খনৰ কাষত আছে তালগুৰি নামৰ আন এখন কৃষি প্ৰধান গাঁও। এই গাঁও খনো অৱহেলিত হৈ আছে চৰকাৰী সকলো প্ৰকাৰ আচঁনি প্ৰয়োগৰ পৰা। গাঁওখনৰ পূব দিশত বিগত পোন্ধৰ বছৰ মান পূৰ্বৰ পৰাই টুনীয়া নৈ খনে গৰাখহনীয়া চলাই থকাৰ ফলত বৰ্তমান গাঁও খনত থকা শ্মশানখন একেবাৰে নৈৰ বুকুত বিলীন হৈ যায়। শ্মশানখনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ দাবীত তালগুৰিবাসী ৰাইজে বিগত বৰ্ষবোৰত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াৰ ওচৰত বাৰম্বাৰ আবেদন নিবেদন কৰিও ইয়াৰ কোনো সুফল লাভ কৰিব নোৱাৰিলে।ফল স্বৰূপে এই বেলি তালগুৰি বাসী ৰাইজে নিজৰ পকেটৰ ধন খৰচ কৰি গুণা, ৰচী ,বাঁহ আদি সংগ্ৰহ কৰি নিজৰ সপোনৰ আপোন তালগুৰি গাঁও খন ৰক্ষা কৰাৰ উদ্দেশ্য টুনীয়া নৈৰ পাৰত এক বিনামূলীয়া শ্ৰম দান কৰি নৈৰ পাৰত বান্ধ দিয়ে।