টংলা–ৰঙিয়াত ১২ বিষয়া–কর্মচাৰীক নিলম্বন
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ অসম শক্তি বিতৰণ লিমিটেড, চমুকৈ এ পি ডি চি এলৰ ভিতৰচ’ৰাত ভয়াৱহ কেলেংকাৰিয়ে জোকাৰি গৈছে৷ বিভাগীয়ভাৱে ৰাজহ বৃদ্ধিৰ ন ন কৌশল অৱলম্বন কৰি ৰাজ্য চৰকাৰৰ অধীনস্থ প্রতিষ্ঠানটোৱে লাভৰ মুখ দেখাৰ সময়তে উন্মোচিত হৈছে এই কেলেংকাৰি৷ মঙলদৈ সংমণ্ডলৰ অন্তর্গত টংলা বৈদ্যুতিক চক্রৰ ৪জন কর্মচাৰী ক্রমে এছ বি অ’ অনিল বৰুৱা, ইন্দ্রজিৎ বৰুৱা, তপন বৰা আৰু ত্রিদীপ তালুকদাৰক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ কেৱল টংলাৰ এই ৪জনৰ নাম উচ্চাৰিত হৈছে যদিও ওদালগুৰি খণ্ডৰ আন কেইবাজনৰো বিৰুদ্ধে বিভাগীয় তদন্ত অব্যাহত আছে৷
ৰাজ্যৰ বিভিন্ন সংমণ্ডলৰ ২৭গৰাকী কর্মচাৰীয়ে ভুৱা চিকিৎসা বিল দাখিল কৰি কমেও ১ কোটি টকা চিকিৎসা শিতানৰ পৰা উলিয়াই নিছে৷ ইপিনে, ৰঙিয়াত ভুৱা চিকিৎসা বিল কেলেংকাৰিত জডিত ৮জনকৈ বিষয়া–কর্মচাৰীক আজি চাকৰিৰ পৰা নিলম্বন কৰি বিভাগীয়ভাৱে গোচৰ ৰুজু কৰা হৈছে৷ ৰাজ্যৰ কেইবাটাও কার্যালয়ৰ লগতে ৰঙিয়াতো এইসকল কর্মচাৰীয়ে ভুৱা চিকিৎসা বিল জমা দি বিভাগটোৰ পৰা একোগৰাকী কর্মচাৰীয়ে ৪ লাখৰ পৰা ১ লাখ টকা আদায় কৰিছিল৷ বিষয়টো বিদ্যুৎ বিভাগৰ মুখ্য কার্যালয়ৰ দৃষ্টিগোচৰ হোৱাত অতি গোপনে তদন্ত কৰিছিল বিভাগটোৱে৷ বিভাগীয় তদন্তত ৰাজ্যৰ বিভিন্ন ঠাইত কর্মৰত কেইবাজনো বিষয়া–কর্মচাৰীয়ে একাংশ দালালৰ সহযোগত ভুৱা চিকিৎসা বিলৰ দ্বাৰা লাখ লাখ টকা উলিয়াই নিয়াটো নিশ্চিত হয়৷ লগে লগে বিভাগটো উচ্চপদস্থ বিষয়াৰ নির্দেশ মতে এনেদৰে ভুৱা চিকিৎসা বিলৰ দ্বাৰা ধন উলিয়াই নিয়া বিষয়া–কর্মচাৰীসক নিলম্বন কৰা হয়৷
ঠিক তেনেদৰে ৰঙিয়াৰ ২নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, উচ্চবর্গৰ সহায়ক যতীন বৈশ্য, লাইনমেন মহাদেৱ ৰাজবংশী, নুৰুদ্দিন আলী, জাফাৰ আলী, ৰবীন মেধি, সহকাৰী মহাপ্রবন্ধক কার্যালয়ৰ উচ্চবর্গৰ সহায়ক উমেশ দাস, ১নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বর্মনক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে৷ নিলম্বন কৰা বিষয়া–কর্মচাৰীকেইজ্ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে মুখ্য কার্যালয়ৰ পৰা নির্দেশ দিয়ে৷ লগে লগে ৰঙিয়া সহকাৰী মহাপ্রবনন্ধক দিগন্ত ডেকাই আটাইকেইজন কর্মচাৰীৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ ৪২০, ৪০৯, ৪৬৮ আৰু ৪৭১ নম্বৰৰ চাৰিটাকৈ জামিনবিহীন গোচৰ ৰুজু হোৱাৰ পাছত আটাইকেইজন অভিযুক্ত কর্মচাৰী পলায়ন কৰিছে বুলি বিশেষ সূত্রত প্রকাশ৷