তৰুণ গগৈ–হিমন্ত বিশ্ব শর্মাৰ বাক্যুদ্ধ তুংগত
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: আসন্ন বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মাজত বাক্যুদ্ধ তুংগত উঠিছে৷ মূলতঃ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে কংগ্রেছৰ মিত্রতাৰ প্রসংগক কেন্দ্র কৰি মন্ত্রী ড০ শর্মা আৰু প্রাক্তন মুখ্যমন্ত্রী গগৈৰ মাজত নিতৌ বাক্যুদ্ধ চলিছে৷ মঙলবাৰে মন্ত্রী ড০ শর্মাই এখন সংবাদ মেলত কংগ্রেছ–এআইইউডিএফৰ্ বহুচর্চিত মিত্রতাৰ বিৰোধিতা কৰি কয় যে গগৈয়ে হৰিনাম লোৱাৰ বয়সত ৰাম, কৃষ্ণক বাদ দি আজমলৰ ভজনহে গাইছে৷
মন্ত্রী ড০ শর্মাৰ সেই ভাষ্যৰ বিপৰীতে প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে তেওঁতকৈ মন্ত্রী হিমন্ত বিশ্ব শর্মাইহে আজমলৰ নাম বেছিকৈ লৈ আছে বুলি মন্তব্য কৰে৷ গগৈয়ে কয় যে মন্ত্রী শর্মাই এনে ধাৰণা বিচাৰিছে যেন কংগ্রেছে আজমলৰ ওপৰত নির্ভৰ কৰিহে ৰাজনীতি কৰিব বিচাৰিছে৷
আনহাতে মন্ত্রী ড০ শর্মাই মঙলবাৰে সংবাদ মাধ্যমকো গগৈক প্রৰোচিত কৰি উত্তেজিত নকৰিবলৈ আহ্বান জনাই কয় যে এই বয়সত গগৈক উত্তেজিত কৰিলে কোনো মুহূর্তত অঘটন পর্যন্ত সংঘটিত হ’ব পাৰে৷ গগৈয়ে কেনেধৰণৰ কথা–বতৰাত কেনেধৰণে উত্তেজিত হয় আৰু উত্তেজনাত উজাগৰী নিশা কটায় সেই বিষয়ে তেওঁ ভালদৰে জানে৷ মন্ত্রী ড০ শর্মাৰ সেই মন্তব্য সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি প্রদেশ কংগ্রেছৰ মুখপাত্র ঋতুপর্ণ কোঁৱৰে কালি এক বিবৃতিত কয় যে অসমৰ প্রমূল্যবোধসম্পন্ন সমাজ জীৱনৰ লগত কোনোপধ্যেই খাপ নোখোৱা তেনেধৰণৰ অতি নিম্নখাপৰ, নিম্নৰুচিৰ পৰিচায়ক, অসৌজন্যতামূলক মন্তব্য ভৱিষ্যতে নকৰিবলৈ আহ্বান জনায়৷