ধলাজান চাহ বাগিচাত চেপা উত্তেজনা অব্যাহতঃ সুনীতে নিজ গৃহৰ চোতালতে উজ্জ্বলক ঘপিয়াই হত্যা কৰিছিল
নিয়মীয়া বাৰ্তা, ১৩মাৰ্চঃ এটি দেৱশিশুক নৃশংসভাৱে হত্যা কৰাৰ পাছত ডিব্ৰুগড়ৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত মুকালবাড়ী চাহ বাগিচাৰ ধলাজান শাখাত এতিয়াও চাঞ্চল্য আৰু চেপা উত্তেজনা অব্যাহত আছে। এটি চাৰি বছৰীয়া দেৱশিশুক হত্যা কৰা পাছতে হত্যাকাৰী সুনীত তাঁতী(৩৫) ওৰফে অভিমন্যু তাঁতীকো উত্তেজিত ৰাইজে খেদি খেদি অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰি পথাৰৰ মাজত জ্বলাই দিয়ে।ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা এই ধলাজান পকালাইনত সংঘটিত নৃশংস হত্যাকাণ্ডই সকলোকে জোকাৰি গৈছে।এটি দেৱশিশুক চোকা অস্ত্ৰই ডিঙিত ঘপিয়াই হত্যা কৰাৰ পাছতো দেহৰ কেইবা স্থানটো কাটি টুকুৰা কৰিছিল হত্যাকাৰী সুনীতে।ৰামা মুড়া আৰু জোনাকী মূড়াৰ একমাত্ৰ কণমানি সন্তান টিক এনেদৰে হত্যা কৰাৰ পাছত এতিয়া ঘৰখনত কাঁহ পৰি জীন যোৱা অৱস্থা।সমগ্ৰ নিশা ডিব্ৰুগড়ৰ বৃহৎ আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত শিশুটিৰ টুকুৰা হৈ যোৱা মৃতদেহ আৰু শিশুটিক নৃশংস ভাৱে হত্যা কৰা হত্যাকাৰী সুনীত ওৰফে অভিমন্যুৰ ছাই হৈ যোৱা মৃতদেহ উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰিছে।অঞ্চলটোৰ স্থানীয় লোকৰ পৰা জানিব পৰা মতে ৰামা আৰু জোনাকী মুড়াৰ একমাত্ৰ চাৰিবছৰীয়া সন্তান উজ্জ্বল মুড়াৰ সামান্য জ্বৰ হোৱাৰ বাবে স্কুললৈ যাবলৈ মানা কৰিছিল পিতৃ-মাতৃয়ে।সেয়ে শিশু উজ্জ্বলে সমনীয়াৰ সৈতে ঘৰতে আছিল।বিয়লি যিহেতুকে ঘৰত বা বাগানৰ লাইনৰ প্ৰায়বোৰ মানুহ কামলৈ গৈছিল সেয়ে কনমানি উজ্জ্বলে নিজ আইতাক খেলিবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল।এনেকৈয়ে লগৰীয়াৰ সতে গৈ হত্যাকাৰী সুনীত ওৰফে অভিমন্যুৰ ঘৰৰ চোতালত উপস্থিত হৈছিল চাৰিবছৰীয়া উজ্জ্বল।তেতিয়ালৈ সকলো থিকেই আছিল।জানিব পৰা মতে আটাইকেইটা শিশুৱে সুনীতৰ ঘৰত প্ৰৱেশ কৰি সুনীতৰ তিনি কনমানি সন্তানৰ সৈতে বিস্কুট খাই চোতাললৈ ওলাই আহিছিল হে মাত্ৰ।সেই সময়তে ধলাজান মেইন লাইনৰ অভিমুন্য তাঁতী ওৰফে সুনীত (৩৫) নামৰ বিবাহিত ব্যক্তিজনে আকস্মিকভাবে কেবল শিশু উজ্জ্বলৰ ওপৰত জঁপিয়াই দাৰে ঘপিয়াই হত্যা কৰে।স্থানীয় লোকৰ ভাষ্য অনুসৰি ৪ বছৰীয়া উজ্জ্বলৰ মুণ্ড শৰীৰৰ পৰা প্ৰায় বিছিন্ন হৈ পৰিছিল।হাত আৰু ভৰিতো দাৰ ঘাপৰ চিহ্ন আছিল।ঘটনাতো ইমানেই ভয়ানক আছিল যে খবৰ পাই দৌৰি চাবলৈ গৈ তিনি-চাৰিজন লোক অৱচেতন হৈ চোতালত পৰি গৈছিল।ইফালে ঘটনা সংঘটিত কৰিয়েই শিশু হত্যাকাৰী সুনীত তাঁতীয়ে হত্যা কৰা দাখন হাতত লৈয়ে বাগানৰ মাজলৈ দৌৰি আত্মগোপন কৰে।এই ঘটনা বিয়পি পৰাৰ লগে লগে লাইনৰ সকলো জনতা ক্ষোভ আৰু উত্তেজনাত ফাটি পৰে।তাৰ পিছতে সেই লাইনৰ উত্তেজিত জনতাই হত্যাকাৰী অভিমুন্য তাঁতীক বাগানৰ মাজৰ পৰা বিচাৰি, পথাৰ মাজৰে খেদি খেদি দা, লাঠিৰে কোবাই কোবাই হত্যা কৰি পথাৰত থকা খেৰৰ মাজত পেলাই জ্বলাই দিয়ে।তীব্ৰ জুইৰ লেলিহান শিখাই নিমিষতে সুনীতক গ্ৰাহ কৰি পেলায় আৰু জুইত অগ্নিদগ্ধ হৈ মৃত্যু হয়।আজি বিয়লি বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নিৰাপত্তাৰ মাজেৰে শিশু উজ্জ্বল আৰু হত্যাকাৰী সুনীতৰ মৃতদেহ নিজ নিজ পৰিয়ালক চমজাই দিয়াত এক শোকাকুল পৰিবেশৰ স্বৃষ্টি হয়।উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও ধলাজান বাগিচাত তীব্ৰ চেপা উত্তেজনাই বিৰাজ কৰি আছে।অৱশ্যে ঘটনাটো কিয় সংঘটিত হল সেয়া এতিয়াও সুস্পষ্ট হোৱা নাই আৰু আৰক্ষীয়ে অদ্যাপি কোনো লোককে আটক বা গ্ৰেপ্তাৰ কৰা নাই।ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলি প্ৰকাশ।
প্ৰেৰক বিভাস দুৱৰা