নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ নিগমৰ বাগিচা লীজত দিয়াৰ বিৰোধিতাৰে চৈকটা চাহ বাগিচাৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

বিশেষ বাৰ্তা, ২৫ জুলাইঃ অসম চাহ নিগম লিমিটেডৰ ১২খনকৈ চাহ বাগিচা লীজত দিয়াকলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে চাহ নিগমৰ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীৰ। অসম চাহ কৰ্মচাৰী সংঘৰ নিৰ্দেশ মৰ্মে চাহ নিগমৰ সকলো চাহ বাগিচাত কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্য্যসূচী অব্যাহত আছে । সেই অনুসৰি আজিৰে পৰা নিগমৰ প্ৰতিখন চাহ বাগিচাতে কৰ্মচাৰীসকলে এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছে । মৰিয়নিৰ চৈকটা চাহ বাগিচা আৰু নাগিনীজান চাহ বাগিচাতো কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে । আজি পুৱা ৮ বজাৰ পৰা ৯ বজালৈ এই ধৰ্মঘট ৰূপায়ণ কৰা হয় । চৈকটা চাহ বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত বাগিচাখনৰ সকলো কৰ্মচাৰীয়ে এই ধৰ্মঘটত অংশগ্ৰহণ কৰে । ধৰ্মঘটথলীত প্ৰতিবাদকাৰীসকলে ‘চাহ নিগমৰ বাগিচা গোপনে লীজত দিয়া বন্ধ কৰক’, ‘চাহ কৰ্মচাৰীসকলৰ সকলো বকেয়া শীঘ্ৰেই প্ৰদান কৰাৰ ব্যৱস্থা কৰক’, ‘সংশোধিত হাৰত দৰমহা আদায় দিয়ক’, ‘শ্ৰমিক কৰ্মচাৰীৰ বকেয়া ন্যায্য প্ৰাপ্য আদায় দিয়ক’ আদি লিখা ফেষ্টুনো প্ৰদৰ্শন কৰে । উল্লেখযোগ্যযে, অসম চাহ নিগম লিমিটেডৰ মুঠ ১৫ খন চাহ বাগিচাৰ ১২ খন বাগিচাই চৰকাৰে লীজত দিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা কাৰ্য্যৰ বিৰুদ্ধে অসম চাহ কৰ্মচাৰী সংঘই যোৱা ১৮ জুলাইৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষনা কৰিছে । ১৮ জুলাইত কৰ্মচাৰীসকলে ক’লা বেজ পৰিধান কৰি কাম কৰাৰ পিছত ২১ জুলাইৰ পৰা তিনিদিনলৈ এঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । তাৰ পিছতেই কৰ্মচাৰীসকলে আজিৰে পৰা তিনিদিনলৈ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিছে । অসম চাহ কৰ্মচাৰী সংঘৰ চৈকতা চাহ বাগিচা শাখাৰ সভাপতি পৰাগ দত্ত আৰু সম্পাদক তুলসী বৰুৱাই জানিবলৈ দিয়া মতে কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ২৬ আৰু ২৭ জুলাইতো এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব । একেদৰে চাহ নিগমৰ অন্তৰ্গত মৰিয়নিৰ নাগিনীজান চাহ বাগিচাতো আজি এঘন্টীয়া ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । আজি চৈকটা চাহ বাগিচাৰ লগতে বাগিচাখনৰ অন্তৰ্গত কাটনীবাৰী আৰু ঢেকিয়াজুলি শাখা আৰু নাগিনীজান চাহ বাগিচাৰ লগতে চটাই শাখাৰ সকলো কৰ্মচাৰীয়ে আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । ইফালে, অসম চাহ মজদুৰ সংঘৰ অন্তৰ্গত চৈকটা চাহ বাগিচা মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ নেতৃত্বত আজি পুৱা বাগিচাখনৰ শ্ৰমিকসকলে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । বাগিচাখনৰ কেবা শতাধিক চাহ শ্ৰমিকে কাৰ্য্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । তেওঁলোকে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ লগতে শ্ৰমিকসকলৰ প্ৰাপ্যসমূহ শীঘ্ৰেই আদায় দিবলৈ দাবী জনাই বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । মজদুৰ সংঘৰ বাগিচাখনৰ প্ৰাথমিক গোটৰ সভাপতি বুধৰাম কৰ্মকাৰ আৰু সম্পাদক জিতুল তাঁ‌তীয়ে কয়- বাগিচা লীজত দিয়াক লৈ কোনো আপত্তি নাই, কিন্তু লীজত দিয়াৰ আগেয়ে শ্ৰমিক কৰ্মচাৰীৰ সকলো বকেয়া আদায় দিব লাগিব । চৰকাৰে বহুবাৰ আমাৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিছিল যদিও কাৰ্য্যতঃ সেয়া হৈ নুঠিল । গতিকে এইবাৰ লীজ দিয়াৰ আগেয়েই আমাৰ সমস্যাসমূহ সমাধান কৰিব লাগিব । নহ’লে প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব বুলি তেওঁলোকে উল্লেখ কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like