অসুস্থ ৰোগীক নিবলৈ এম্বুলেঞ্চ নাপাই মৰিয়নিৰ নিউ সোণোৱাল চাহ বাগিচাৰ চিকিৎসালয়ত তলা লগালে ক্ষুব্ধ ৰাইজে
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ সমীপৰ নিউ সোনোৱাল চাহ বাগিচাৰ চিকিৎসালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গুৰুতৰ ভাৱে অসুস্থ এগৰাকী মহিলাক চিকিৎসা নকৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়লৈ নিবলৈ এম্বুলেন্স নথকাত উত্তেজিত হৈ পৰে বাগিচাৰ শ্ৰমিকসকল । এই সন্দৰ্ভত জানিব পৰা মতে, বাগিচাখনৰ বৰ লাইনৰ লংমনি চবৰ নামৰ প্ৰায় ৫৫ বছৰীয়া এগৰাকী মহিলা আজি গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে । তেওঁক বাগিচাৰ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়ত কোনো চিকিৎসক নাছিল । এগৰাকী নাৰ্ছে মহিলাগৰাকীক পৰীক্ষা কৰি তেওঁক চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে । কিন্তু ৰোগীগৰাকীক নিবলৈ বাগিচাখনত বাহনৰ অভাৱ হ’ল । বাগিচা কৰ্তৃপক্ষক স্থানীয় ৰাইজে কেবাবাৰো অনুৰোধ কৰাত পিছত এখন বাহনৰ ব্যৱস্থা কৰি দিয়ে । পিছত ততাতৈয়াকৈ মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি অতি সংকটজনক অৱস্থাত মহিলাগৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । ইফালে, বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক শোষণ কৰাৰ লগতে তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলি বাগিচাখনৰ চিকিৎসালয়ত ক্ষুব্ধ ৰাইজে তলা বন্ধ কৰি দিয়ে । শ্ৰমিকসকলে বাগিচাৰ কাম বন্ধ কৰি চিকিৎসালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । ‘শ্ৰমিকৰ দাবী মানিবই লাগিব’, ‘শ্ৰমিকক শোষণ কৰা নচলিব’, ‘বাগিচা কৰ্তৃপক্ষ মুৰ্দাবাদ’ আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে । শ্ৰমিক ৰাইজে বাগিচাৰ পৰিচালকক চিকিৎসালয়লৈ আহিবলৈ দাবী জনায় আৰু পৰিচালক সুমিত ঝা চিকিৎসালয়লৈ আহি ৰাইজক বুজোৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয় । তেওঁ সমগ্ৰ ঘটনাৰ দুখ প্ৰকাশ কৰাৰ লগতে কাইলৈ মঙ্গল বাৰে বাগিচাৰ কাৰ্য্যালয়ত অসম চাহ মজদুৰ সংঘৰ বাগিচা সংঘৰ সৈতে এক আলোচনা কৰিব বুলি উল্লেখ কৰে । কিন্তু ক্ষুব্ধ ৰাইজে এই কথাত জাঙুৰ খাই উঠে আৰু আলোচনা চিকিৎসালয়ত হ’ব লাগিব বুলিও দাবী জনায় । উত্তেজিত ৰাইজে বাগিচাখনৰ পৰিচালকজনক ঘেৰাও কৰি বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে । শ্ৰমিক সকলে বাগিচাখনত এখন এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ লগতে নিয়মীয়া চিকিৎসকৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায় । তাৰোপৰি বাগিচাখনত নাৰ্চ আদিক নিযুক্তি দিবলৈও দাবী জনায় । লক্ষণীয় যে, বাগিচাখনত এম্বুলেন্সৰ অভাৱৰ বাবেই যোৱা দুদিন পূৰ্বে এজন লোকৰ মৃত্যু হৈছিল । উল্লেখযোগ্য যে, নিউ সোনোৱাল চাহ বাগিচাৰ চিকিৎসালয়ত আজি পৰ্য্যন্ত নিয়মীয়া চিকিৎসকৰ নাই । এগৰাকী চিকিৎসকে সপ্তাহত তিনিদিনকৈ চিকিৎসালয়লৈ পুৱাৰ ভাগত আহি ৰোগীক চিকিৎসা কৰে । কিন্তু সেইয়াই পৰ্য্যাপ্ত নহয় বুলি আজি শ্ৰমিক ৰাইজে জানিবলৈ দিয়ে । চিকিৎসালয়খনত উপযুক্ত ঔষধ-পাতিৰো অভাৱ বুলি আজি শ্ৰমিক ৰাইজে অভিযোগ উত্থাপন কৰে । তাৰোপৰি বাগিচাখনত এখন এম্বুলেন্সও নাই । যিকোনো জৰুৰীকালীন অৱস্থাত নিজেই ব্যৱস্থা কৰি নগৰলৈ ওলাই আহিব লগীয়া হয় এইসকল শ্ৰমিক ৰাইজ । এখন ইক’ বাহন বাগিচা কৰ্তৃপক্ষই এম্বুলেন্স হিচাপে যোগান ধৰিছে যদিও উক্ত বাহনখন বাগিচা কৰ্তৃপক্ষই নিজৰ কামতহে অধিক ব্যৱহাৰ কৰে বুলি আজি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰে । ফলত সমস্যাৰ সন্মুখীন হৈ আহিছে বাগিচাখনৰ শ্ৰমিক ৰাইজ । আজিও একেই পৰিস্থিতিৰে উদ্ভৱ হ’ল । বাহনখন সময়মতে নোপোৱাৰ বাবেই মহিলা ৰোগী গৰাকীক চিকিৎসালয়লৈ পলমকৈ নিব লগীয়া হ’ল । উল্লেখযোগ্য যে, বাগিচাখনত প্ৰায় দুই শতাধিক স্থায়ী শ্ৰমিক আছে । আনহাতে প্ৰায় চাৰি শতাধিক শ্ৰমিক থকা বাগিচাখনত সমস্যাৰ সন্মুখীন হৈ আহিছে শ্ৰমিকসকল । ইফালে আজি চাহ মজদুৰ সংঘৰ অন্তৰ্গত বাগিচা সংঘৰ প্ৰতিও অভিযোগৰ আঙুলি তোলে শ্ৰমিক ৰাইজে । বাগিচা সংঘই এনেবোৰ গুৰুতৰ বিষয়ত কোনোদিনেই শ্ৰমিকৰ হৈ মাত নামাতে বুলি মুকলি অভিযোগ উত্থাপন কৰি নিজৰ সুবিধাৰ বাবে সদায় বাগিচাৰ কৰ্তৃপক্ষৰ পক্ষ লয় বুলিও অভিযোগ তোলে । ক্ষুব্ধ ৰাইজে তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্য্যন্ত চিকিৎসালয়খনৰ তলা খুলি নিদিয়াৰ সিদ্ধান্ত লয় যদিও মানবীয়তাৰ খাতিৰত পিছত তলা খুলি দিয়ে যাতে যিকোনো ৰোগী আদি সমস্যাৰ সন্মুখীন নহয় । বাগিচাখনৰ শ্ৰমিক ৰাইজে অতি শীঘ্ৰেই বাগিচাখনত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ লগতে আৱাসিক চিকিৎসকৰ নিযুক্তি দিবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনাইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া