নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত কেঁচা চাহপাত চিঙিবলৈ আৰম্ভ কৰিলে ক্ষুদ্ৰচাহ খেতিয়কে 

নিয়মীয়া বাৰ্তা ,বেদেতী, ৭মাৰ্চ : বিহালীত সম্প্ৰতি ক্ষুদ্ৰ চাহ খেতি মুখ্য খেতিত পৰিণত হৈছে। ক্ষুদ্ৰ চাহ খেতিৰ যোগেদি অঞ্চলটোৰ অৰ্থনৈতিক পৰিৱৰ্তন হোৱাৰ লগতে বহু পৰিমাণে নিৱনুৱা সমস্যাও লাঘৱ হৈছে। যোৱা নৱেম্বৰ/ডিচেম্বৰ মাহত কলম কটাৰ পিছত কেঁচা পাত চিঙা বন্ধ হৈছিল। দীৰ্ঘদিন ধৰি ক্ষুদ্ৰচাহ খেতিয়কৰ বন্ধ হৈ থকা কাম-কাজ পুনৰ আৰম্ভ হোৱাত শ্ৰমিকেও কাম কাজত পুনৰ নিয়োজিত হৈছে। এই সময়মতেই বৰষুণ হোৱাত ক্ষুদ্ৰ চাহ খেতিয়কৰ উতপাদন বৃদ্ধি হোৱাৰ সম্ভৱনা আছে।
You might also like