নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ

📌 চাৰিশ অৱসৰপ্ৰাপ্ত শ্ৰমিকে আদায় পোৱা নাই চাৰি কোটি টকাৰ গ্ৰেচুইটি

বিশেষ বাৰ্তা, ২৪ মাৰ্চঃ অসমৰ চাহবাগিচা সমুহৰ মালিক পক্ষই শ্ৰমিক সকলৰ ওপৰত শোষণ চলোৱাটো নতুন কথা নহয়। এই শোষণ নিষ্পেষণৰ পৰা সাৰি যোৱা নাই নগাঁও জিলাৰ শিলঘাটস্থিত কলিয়াবৰ চাহবাগিচাৰ শ্ৰমিক সকল। আজি অসম চাহ মজদূৰ সংঘৰ কলিয়াবৰ চাহবাগিচা ইউনিটে নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদী শ্ৰমিকে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। এই শ্ৰমিক সকলে বাগিচাখনৰ  কৰ্তৃপক্ষৰ পৰা কেবাকোটি টকা নিজৰ প্ৰাপ্য আদায় পাবলৈ আছে।

🔴 সদনত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিস্ফোৰক অভিযোগ। 👉 বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক শাৰীৰিকভাৱে অপদস্থ কৰিলে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। 👉 বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অধ্যক্ষক অনুৰোধ মুখ্যমন্ত্ৰীৰ। 👉 সদনত উত্তপ্ত পৰিস্থিতি।

বাগিচাখনৰ প্ৰায় চাৰিশ জন অবসৰপ্ৰাপ্ত শ্ৰমিকে ২০০৫ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় চাৰিকোটি টকা গ্ৰেচুইটি আদায় পাবলৈ আছে।সংঘৰ কলিয়াবৰ চাহবাগিচা ইউনিটৰ সভানেত্ৰী সঞ্চলা প্ৰজা, সম্পাদক ৰাজকুমাৰ গঞ্জু ,সোণাৰী শাখা চাহবাগিচা ইউনিটৰ সভানেত্ৰী বিতু মিৰ্দ্ধা আৰু সম্পাদক দীপাংকৰ গঞ্জু স্বাক্ষৰিত এখন স্মাৰক পত্ৰ নগাঁৱৰ সহকাৰী শ্ৰম আয়ুক্তক প্ৰদান কৰি তেওঁলোকৰ প্ৰাপ্য শীঘ্ৰে আদায় দিবলৈ দাবী জনায়। চাহ শ্ৰমিক সকলে পাবলগা  ৪৪ সপ্তাহৰ ৰেচন আদায দিয়া, চাহ শ্ৰমিক সকলৰ ১৫ দিনৰ পাবলগা দৰমহা আদায় দিয়া, ২০২৩ – ২৪  বৰ্ষৰ  চাহ শ্ৰমিকে পাব লগা প্ৰায় ৬৫ লাখ টকা বোনাচ শীঘ্ৰে আদায় দিয়া, বাগিচাৰ স্থায়ী শ্ৰমিক সকলৰ  পি এফৰ  বাবে কৰ্তন কৰা টকা বিভাগলৈ প্ৰেৰণ কৰা, প্ৰায় চাৰিশ জন অবসৰপ্ৰাপ্ত চাহ শ্ৰমিকে ২০০৫ বৰ্ষৰ পৰা বৰ্তমানলৈকে পাব লগা গ্ৰেচুইটি টকা আদায় দিয়া, ২০২২-২৪ বৰ্ষলৈকে অস্থায়ী চাহ শ্ৰমিকৰ ছুটিৰ টকা আদায় দিয়াকে ধৰি ২৭টা দাবী স্মাৰক পত্ৰত উল্লেখ কৰিছে। উল্লেখ যে আজি কাৰ্যসূচীত বাগিচাখনৰ সোণাৰী শাখা বাগিচাৰ শ্ৰমিক সকলে সহযোগিতা কৰে। প্ৰতিবাদী শ্ৰমিক সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। আজি সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত সংঘৰ প্ৰতিনিধি ,বাগিচাখনৰ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ প্ৰতিনিধিৰ সৈতে এক বৈঠক অনুস্থিত হয় যদিও বাতৰি লিখা সময়লৈকে কোনো মীমাংশাত উপনীত হোৱা নাই। শ্ৰমিকসকলে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পুৰণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিয়ে।

গলপোষ্ট ভাঙি কৰুণ মৃত্যু মিজোৰামৰ ব্ৰেডীৰ

প্ৰেৰক কনক হাজৰিকা

You might also like