নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অন্তিম দিনঃ ৱেবছাইটত প্রতিজন শিক্ষকে দিব লাগিব নিজৰ তথ্য

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ: ৰাজ্যৰ শিক্ষকসকলৰ বদলীকৰণ, সালসলনি আদি ব্যৱস্থা অধিক সুচল কৰাৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ প্রতিগৰাকী শিক্ষকক নিজ নিজ তথ্য দাখিলৰ বাবে আবেদন জনাইছিল৷ যোৱা ২২ নৱেম্বৰত এই উদ্দেশ্যে মুকলি কৰিছিল দুটাকৈ অনলাইন প’র্টেল৷ মুখ্যতঃ নিযুক্তি আৰু বদলি নিয়ামক আইন–২০২০ৰ ভিত্তিত শিক্ষক বদলি প্রক্রিয়া অনলাইন কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্রক্রিয়াৰ আজি অন্তিম দিন৷ অর্থাৎ ১০ ডিচেম্বৰৰ ভিতৰতে ৰাজ্যৰ প্রতিগৰাকী শিক্ষকে নিজৰ তথ্য অনলাইন প’র্টেলত দাখিল কৰাটো বাধ্যতামূলক৷

উল্লেখ্য যে ৰাজ্যৰ বহু শিক্ষকে বদলীকৰণৰ বাবে যোৱা দীর্ঘদিনৰ পৰা অপেক্ষা কৰি আছিল৷ বদলীকৰণৰ এই প্রক্রিয়া অনলাইন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণাৰ পাছত যোৱা ২২ নৱেম্বৰত সর্বশিক্ষা অভিযান মিছনে বদলিৰ অনলাইন প’র্টেল মুকলি কৰিছিল৷ hrmsassam.in আৰু ssa.assam.gov.in এই দুটা প’র্টেলৰ জৰিয়তে শিক্ষকসকলক তথ্য দাখিলৰ বাবে সর্বশিক্ষা মিছনে আহ্বান জনাইছিল৷ সেয়াই নহয়, সর্বশিক্ষাৰ কার্যবাহী সঞ্চালকে এই প’র্টেলত শিক্ষকসকলক অনলাইন পঞ্জীয়ন কৰাৰ বাবে ইতিমধ্যে সকলো জিলাৰ বিদ্যালয় পৰিদর্শক, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়কসকললৈ পত্র প্রেৰণ কৰিছিল৷

ইতিমধ্যে চৰকাৰী, প্রাদেশীকৃত প্রায় সকলো বিদ্যালয়ৰ শিক্ষকে নিজৰ নাম তথা তথ্য পঞ্জীনয় সম্পূর্ণ কৰিছে৷ কিন্তু ইয়াৰ পাছতো বহু শিক্ষকে অন্তিম দিনটোৰ পূর্বে নিজৰ তথ্য পঞ্জীয়ন কৰাৰ পৰা বিৰত আছে৷ অন্তিম দিন অর্থাৎ ১০ ডিচেম্বৰৰ পূর্বে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে টুইটাৰযোগে চৰকাৰী, প্রাদেশীকৃত বিদ্যালয়ৰ সকলো শিক্ষককে নিজৰ তথ্য আপলোড কৰাৰ বাবে আহ্বান জনায়৷

You might also like