✅শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য জীৱন শইকীয়ালৈ ২০২৩ বৰ্ষৰ আদৰ্শ শিক্ষক বঁটা
বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : “আমি সৌভাগ্যৱান যে আমি ভাৰত জননীৰ সন্তান, আমি সৌভাগ্যৱান যে আমি অসম মাতৃৰ সন্তান। এই কথা আমি সকলোৱে মনত ৰখা উচিত আৰু আমাৰ কাম-কাজ জননীৰ মান বৃদ্ধিৰ কাৰণে উৎসৰ্গিত হোৱা উচিত।” — এই মন্তব্য ৰূপহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য জীৱন শইকীয়াৰ। নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠৰ শিক্ষক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক একলব্যৰ দৰে জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনাই কয় যে “কোনোবাই সুধিলে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাওঁ বুলি উত্তৰ দিয়ে, আচলতে সেই উত্তৰ হ’ব লাগে পঢ়িবলৈ যাওঁ । ছাত্ৰ-ছাত্ৰীয়ে মানসিকভাৱে নিজক অধ্যয়নমুখী কৰি তুলিব পাৰিলেহে প্ৰকৃত শিক্ষা আহৰণ সম্ভৱ হয়।” কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত প্ৰাক্তন অধ্যক্ষ অমৰজিৎ গোস্বামীয়ে নিজৰ ভাষণত কয় যে ছাত্ৰ-ছাত্ৰীসকল কেৱল ডাক্তৰ-ইঞ্জিনিয়াৰ হ’লেই নহ’ব, এগৰাকী সৎ মানুহ হ’বৰ কাৰণেও প্ৰযত্ন কৰিব লাগিব। শিক্ষক অতুলচন্দ্ৰ বৰুৱা, ছাত্ৰী নিশি ৰাজখোৱা আৰু দৰ্শনা মহন্তই আঁতধৰা সভাখনত ৰূপহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য জীৱন শইকীয়াক কলংপাৰ বিদ্যাপীঠৰ ২০২৩ বৰ্ষৰ আদৰ্শ শিক্ষক বঁটা প্ৰদান কৰা হয় । মহান শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু বিদ্যাপীঠৰ পৰলোকগামী শিক্ষকসকলৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাতৰ্পণেৰে আৰম্ভ সভাখনিত দীপাংকৰ বৰাই বৰগীত পৰিৱেশন কৰে। সভাত শিক্ষক বিজয় বসুমতাৰী আৰু জ্যোতিমণি ডেকাৰ লগতে ছাত্ৰ হীৰকজ্যোতি হাজৰিকা, ডেইজী বৰা আৰু দেৱাশ্ৰী পাতৰে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মৌচুমী শইকীয়াৰ গীত আৰু চয়নিকা কাকতি, কস্তুৰিকা ডেকা, মামণি পাতৰ আদিৰ নৃত্য পৰিৱেশনে অনুষ্ঠানটো সুৰময় কৰি তোলে।
প্ৰেৰক মানৱ বৰা