মেঘালয়ৰ আগ্রাসনক লৈ মুদুকীত উত্তেজনা, আঁচনি ৰূপায়ণত বাধা চুবুৰীয়া ৰাজ্যৰ
বিদ্যালয় স্থাপন–খোৱাপানী যোগান আঁচনিৰে সীমা বিস্তাৰৰ চক্রান্ত
নিয়মীয়া বার্তা, ১৯ আগষ্টঃ দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমান্তত চুবুৰীয়া ৰাজ্য মেঘালয়ে ছলে–বলে–কৌশলে, আনকি ভয়–ভাবুকিৰেও অসমৰ ভূমিত দীর্ঘদিন ধৰি অব্যাহত ৰাখিছে আগ্রাসন৷ বিশেষকৈ বকোৰ লাম্পী আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ মুদুকী অঞ্চলত মেঘালয় চৰকাৰৰ আগ্রাসনক লৈ প্রায়েই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ অহাৰ পিছতো ৰাজ্য চৰকাৰ নির্বিকাৰ হৈ থকা ঘটনাই দক্ষিণ কামৰূপবাসীৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বৃহত্তৰ মুদুকী অঞ্চলৰ মাটাইখাৰ, লংচাই, ভালাখোৱা, জিমিৰগাঁও, শালশেৰ আদিকে ধৰি প্রায় পোন্ধৰখন গাঁৱত মেঘালয় চৰকাৰে বিদ্যালয় স্থাপন, বিজুলীবাতি, খোৱাপানী যোগান আদিৰে ছলে–বলে–কৌশলেৰে অব্যাহত ৰাখিছে এই আগ্রাসন৷ আনকি প্রয়োজনত ভয়–ভাবুকি প্রদান কৰি আহিছে বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ মুদুকী আৰু জিমিৰগাঁও অঞ্চলত অসম চৰকাৰে নির্মাণ কৰি থকা পথ আৰু দলঙৰ কাম মেঘালয়ে ভাবুকি প্রদানেৰে কালি বন্ধ কৰি দিয়াৰ ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পিছতো প্রশাসনে বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷
ইয়াকে লৈ বৃহত্তৰ অঞ্চলটোত দুদিন ধৰি তীব্র উত্তেজনা অব্যাহত আছে৷ ইমানৰ পিছতো অসম চৰকাৰৰ প্রশাসনে নির্বিকাৰ ভূমিকা গ্রহণ কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ অৱশ্যে আজি পলাশবাৰীৰ আৰক্ষী আৰু ৰাজহ চক্র বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি সন্দর্ভত বুজ লৈয়ে দায়িত্ব সামৰা বুলি স্থানীয় একাংশ লোকে মন্তব্য কৰিছে৷ অসমৰ ভূমিত প্রৱেশ কৰি মেঘালয় চৰকাৰে পূর্বতেও এইদৰে ভাবুকি প্রদান কৰি উক্ত অঞ্চলসমূহ তেওঁলোকৰ বুলি দাবী কৰি অসম চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ কাম বন্ধ কৰি আহিছে৷
আনকি এনে ঘটনাই উক্ত অঞ্চলটোত দুয়ো ৰাজ্যৰ লোকসকলৰ মাজত কাজিয়াৰো সৃষ্টি কৰিছে৷ ইয়াৰ পিছতো অসম চৰকাৰ তথা জনপ্রতিনিধিয়ে আজিলৈকে কোনো স্থায়ী ব্যৱস্থা গ্রহণ কৰা নাই৷ উল্লেখ্য যে উক্ত অঞ্চলসমূহৰ বহু লোকে দুয়োখন ৰাজ্যতে ভোটাধিকাৰো সাব্যস্ত কৰি আহিছে৷ অসমৰ ভূমিত মেঘালয়ে দপ্দপাই থকাৰ পিছতো কিহৰ বাবে মৌনতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে৷ সময় থাকোঁতে ইয়াৰ এটি সুব্যৱস্থা যদিহে নকৰে, তেতিয়া হ’লে অনাগত সময়ত উক্ত অঞ্চলসমূহ মেঘালয়ৰ দখললৈ যে যাব সেয়া নিশ্চিত৷