নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্যকাল শেষ : পঞ্চায়তৰ কর্তৃত্ব জিলা আয়ুক্তৰ হাতত অৰ্পণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ফেব্ৰুৱাৰীঃ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কর্তৃত্ব জিলা আয়ুক্তক অর্পণ কৰা হৈছে৷ কিয়নো নির্ধাৰিত সময়ত অসমত পঞ্চায়ত নির্বাচন অনুষ্ঠিত নহল। এক নির্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব জে বি এক্কাই গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কর্তৃত্ব গ্রহণ কৰিবলৈ জিলা আয়ুক্তক অনুমতি প্রদান কৰিছে৷ পঞ্চায়তৰ কার্যকাল শেষ হোৱাৰ পৰা নতুন নির্বাচনৰ প্রক্রিয়া সমাপ্ত নোহোৱালৈকে অন্তৰ্ৱর্তীকালীন সময়ছোৱাত জিলা আয়ুক্তই পঞ্চায়ত আৰু পৰিষদৰ কামকাজ তত্ত্বাৱধান কৰিব৷ অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ৭, ৩৫, ৬৮ আৰু ১২৫ (৪) ধাৰাৰ অধীনত জিলা আয়ুক্তসকলক এই কর্তৃত্ব প্রদান কৰা হৈছে৷ নতুন নির্দেশনাৰ লগে লগে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহ আজিৰ পৰা ভংগ হৈ পৰিব৷ পঞ্চায়ত আৰু পৰিষদসমূহৰ কার্যকাল ৩ ফেব্রুৱাৰীত অন্ত পৰে৷ এই সময়ছোৱাৰ ভিতৰত নির্বাচন অনষ্ঠিত কৰি নতুন কমিটী গঠন কৰাটো নিয়ম৷ কিন্তু সংশ্লিষ্ট আইন অনুসৰি নির্ধাৰিত সময়ৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে পঞ্চায়ত আৰু পৰিষদসমূহ ভংগ কৰি দিয়াৰ কর্তৃত্ব জিলা আয়ুক্তসকলক প্রদান কৰা হয়৷ উল্লেখ্য যে ৰাজ্যত ২০১৮ চনৰ ৫ আৰু ৯ ডিচেম্বৰত পঞ্চায়ত নির্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল৷ ১৫.৬ নিযুত ভোটাৰে ভোটদান কৰিছিল অন্তিম পঞ্চায়ত নির্বাচনত৷ ২০১৯ বর্ষৰ ৪ ফেব্রুৱাৰীৰ পৰা পঞ্চায়তী ৰাজ প্রতিষ্ঠানসমূহ কার্যক্ষম হয়৷ সেই অনুসৰি আজিৰ ভিতৰত নতুন কমিটীয়ে পুনৰ দায়িত্বভাৰ গ্রহণ কৰিব লাগিছিল৷ কিন্তু নির্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে সেয়া সম্ভৱপৰ নহ’ল৷ প্রাপ্ত তথ্য অনুসৰি লোকসভা নির্বাচনৰ পাছতহে ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

You might also like